ETV Bharat / state

Demand for Hill state: পৃথক পাহাৰীয়া ৰাজ্য গঠনৰ দাবীৰে আন্দোলনৰ হুংকাৰ চি পি আই এম এল হিলছ পাৰ্টীৰ

author img

By

Published : Jan 11, 2023, 10:20 PM IST

আকৌ ৰাজ্য বিভাজনৰ দাবীৰ উকমুকনি অসমত (Demands of separate state) ৷ ইণ্ডিজেনাছ পিপলচ্ ফ’ৰামে ডিমা হাচাও জিলাক দ্বিখণ্ডিত কৰি দুখন সুকীয়া স্বায়ত্তশাসিত জিলা গঠনৰ দাবী তোলাৰ পাচত এইবাৰ পৃথক ৰাজ্যৰ দাবী তুলিছে চিপিআই(এমএল) হিলছ পাৰ্টীয়ে ৷ দুয়োখন কাৰ্বি আংলং জিলা আৰু ডিমা হাচাও জিলাক একেলগ কৰি পৃথক ৰাজ্য গঠনৰ দাবী তুলিছে সংগঠনটোৱে (Separate Hill State in Assam) ৷

Demand for Hill state
পৃথক পাহাৰীয়া জিলা গঠনৰ দাবী
পৃথক পাহাৰীয়া জিলা গঠনৰ দাবী

ডিফু, ১১ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ কুচকাৱাজ আৰম্ভ কৰাৰ লগে লগে পাৰ্বত্য জিলাতো ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে (Demand for separate Kamtapur state) ৷ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সাঙুৰি কেইবাদশক ধৰি এখন স্বায়ত্তশাসিত অথবা পৃথক ৰাজ্যৰ দাবী উত্থাপন হৈ আহিছে (Demands of separate state) ৷ এতিয়া সেই দাবী লৈ পুনৰ সৰব হৈছে পাহাৰীয়া জিলা কেইখনৰ একাংশ সংগঠন ৷

পাৰ্বত্য জিলাবাসীয়ে এই দাবীক লৈ বহু আন্দোলন চলাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে নতুন ৰাজ্য গঠনৰ প্ৰস্তুতি চলোৱাৰ বাতৰিয়ে পাৰ্বত্য জিলা তিনিখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বুধবাৰে চিপিআই(এমএল) হিলছ পাৰ্টীৰ দলে ডিফুস্থিত কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি তিনিখন পাৰ্বত্য জিলাক সামৰি এখন পৃথক ৰাজ্যৰ দাবী পুনৰ উত্থাপন কৰে (Separate Hill State in Assam) ৷

হিলছ পাৰ্টী কমিটিৰ নেতা ৰবি কুমাৰ ফাংচ'ৱে সম্বোধন কৰা সংবাদমেলত কয়, ‘‘২০০০ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে আমাক উপেক্ষিত কৰি আহিছে ৷ তিনিখন পাৰ্বত্য জিলাৰ দাবীক অৱহেলা কৰি আহিছে কংগ্ৰেছ অথবা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৷ ২০০০ চনত কেন্দ্ৰৰ এন ডি এ চৰকাৰে ঝাৰখণ্ড, উত্তৰাখণ্ড আৰু ছত্তিশগড় ৰাজ্য গঠন কৰিলে যদিও আমাৰ ষষ্ঠ অনুসুচীৰ সংবিধান প্ৰদত্ত দাবীক সামান্যতমো গুৰুত্ব প্ৰদান নকৰিলে’’ (CPIML Hill party demands separate hill state) ৷

তেওঁ লগতে কয়, ‘‘বাৰম্বাৰ আমাৰ সাংবিধানিক দাবীক উপেক্ষিত কৰি আমাক বঞ্চিত কৰিলে চৰকাৰে’’ ৷ ইয়াৰ উচিত প্ৰত্যুত্তৰ লাভ কৰিব বুলিও হুংকাৰ দিয়ে নেতা গৰাকীয়ে ৷ লগতে আন্দোলনমুখী পৰিৱেশৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু পৰিষদত থকা বিজেপি চৰকাৰ দায়ী হ’ব বুলিও সংবাদমেল যোগে সকীয়াই দিয়ে ৰবি কুমাৰ ফাংচ'ৱে ৷

আনহাতে, কিছুদিন পূৰ্বে কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলত বংগ সেনা নামৰ এটা সংগঠনে সংবাদমেল যোগে বাংলাদেশৰ ছখন জিলাক ভিত্তি কৰি সুকীয়া ৰাষ্ট্ৰৰ দাবী কৰা বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেলত ফাংচ'ৱে কয় যে, বংগ সেনা বিজেপি আৰু আৰ এছ এছৰ অংগ ৷ সেয়েহে অসাংবিধানিক, সশস্ত্ৰ পন্থাত বিশ্বাসী এই সংগঠনটো কাৰ্বি আংলং জিলাত সক্ৰিয় হৈ থকাৰ পিছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ জিলাখনত থকা এনে অসাংবিধানিক সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই চিপিআই (এমএল) হিলছ পাৰ্টী দলে ৷

উল্লেখ্য যে, সুকীয়া ৰাজ্য বা সুকীয়া জিলা দাবীৰ বিষয়টোৱে নতুন বৰ্ষত পুনৰ গা কৰি উঠা দেখা গৈছে অসমত ৷ মাত্ৰ কেইদিনমান পূৰ্বে ডিমা হাচাও জিলাক বিভাজনৰ এক দাবী তুলিছিল ইণ্ডিজেনাছ পিপলচ্ ফ’ৰামে ৷ বৰ্তমানৰ ডিমা হাচাও জিলাক দুভাগ কৰি দুখন পৃথক স্বায়ত্তশাসিত জিলা ঘোষণাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰিছিল সংগঠনটোৱে ৷ চৰকাৰে এই দাবী গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলিও সংগঠনটোৱে হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: Bifurcation Of Dima Hasao District: ডিমা হাচাও বিভাজনৰ দাবীৰে তীব্ৰ আন্দোলনৰ হুংকাৰ আইপিএফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.