ETV Bharat / state

ক'ৰণা আক্রান্তৰ বৰ্ধিত সংখ্যাকলৈ উদ্বিগ্ন কাৰ্বি আংলঙবাসী - Karbi Anglong Covid Case 287

যোৱা দুদিনৰ ভিতৰত 9 গৰাকীকৈ লোক ক'ভিড-19 পজিটিভ ধৰা পৰাৰ পাছতেই কাৰ্বি আংলঙত মুঠ কৰ’ণা আক্রান্তৰ সংখ্যা 287 গৰাকীলৈ বৃদ্ধি ৷ যাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙত সম্প্ৰতি কৰ’ণা আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন আৰু শংকিত হৈ পৰিছে ৰাইজ ।

Covid cases increase at Karbi Anglong
Covid cases increase at Karbi Anglong
author img

By

Published : Jul 25, 2020, 4:40 AM IST

কাৰ্বি আংলং, 25 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো অব্যাহত আছে কৰ’ণা ভাইৰাছৰ বিভীষিকাময় পৰিৱেশ ৷ ক'ৰণা আক্রান্তৰ বৰ্ধিত সংখ্যাক লৈ ক্ৰমাৎ উদ্বিগ্ন হৈ পৰিছে কাৰ্বি আংলংবাসী।

ক'ৰণা আক্রান্তৰ বৰ্ধিত সংখ্যাকলৈ উদ্বিগ্ন কাৰ্বি আংলঙবাসী

আন আন জিলাৰ লগতে পাহাৰীয়া জিলাখনত ক্রমান্নয়ে বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা ৷ বৰ্তমানলৈকে জিলাখনত 287 গৰাকীলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । তথ্য অনুসৰি জিলাখনত এতিয়াও সক্ৰিয় হৈ আছে ক’ভিডৰ-19ৰ 46 টা ঘটনা ৷ আনহাতে 238 গৰাকী লোক সুস্থ হৈ নিজ নিজ ঘৃহলৈ উভতি যাবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে মৃত্যু হৈছে 3 গৰাকী লোকৰ ৷

উল্লেখ্য যে, যোৱা দুদিনৰ ভিতৰত 9 গৰাকী লোকৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰাৰ পাছতেই কাৰ্বি আংলঙত মুঠ কৰ’ণা আক্রান্তৰ সংখ্যা 287 গৰাকীলৈ বৃদ্ধি পায় ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ লগতে কাৰ্বি আংলংবাসীও সম্প্ৰতি কৰ’ণা আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন আৰু শংকিত হৈ পৰিছে ।

কাৰ্বি আংলঙত যোৱা দুদিনত 9 গৰাকী ক'ভিড-19 পজিটিভ

ইপিনে ৯ গৰাকীৰ ভিতৰত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি কপিলী মহাবিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ কেশৱ আৰিয়ালৰ নামৰ লোকজনৰ দেহত শেহতীয়াকৈ ধৰা পৰে ক'ভিডৰ উপস্থিতি ৷

ইতিমধ্যে কেশৱ আৰিয়ালক খেৰণি আদৰ্শ চিকিৎসালয়ৰ পৰা ক'ভিড চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছে । আৰিয়ালেই হৈছে খেৰণি আদৰ্শ ক'ভিড চিকিৎসালয়খনৰ প্ৰথমগৰাকী ক’ভিডৰ-19 আক্ৰান্ত ৰোগী ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.