ডিফু,১১ জুন: পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ দেশতে কংগ্ৰেছ দলে(INC) প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসমৰো বিভিন্ন জিলাত কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰে । কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ডিফুত পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰতন ইংতি আৰু সাধাৰণ সম্পাদক অনিল বৰাৰ নেতৃত্বত ডিফু-লামডিঙ পথৰ পেট্ৰ'ল পাম্পৰ সন্মুখত অনান্য দলীয় কৰ্মীৰ সহযোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
এই প্ৰতিবাদত উপ-সভাপতি ৰতন ইংতিৰ অভিযোগ, কৰ'ণা(Corona) অতিমাৰীৰ ভয়াৱহতাৰ বাবে সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ মাজতো চৰকাৰে নিৰ্বিচাৰভাৱে পেট্ৰ'ল, ডিজেল, কেৰাচিন আদিৰ মূল্যবৃদ্ধি(Price hike) কৰিছে ৷ এনে মূল্য বৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যত চৰকাৰে নিয়ন্ত্ৰণ হেৰুৱাইছে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ সেয়ে চৰকাৰক অতি শীঘ্ৰে ইন্ধনৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায় ৷
লগতে পঢ়ক:পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদ