ETV Bharat / state

KAAC Election 2022: প্ৰতিটো পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে

author img

By

Published : May 24, 2022, 10:45 PM IST

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত 26 টা সমষ্টিৰ প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta to campaign in KAAC Election) ৷ এই কথা প্ৰকাশ কৰিলে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (KAAC Chief Tuliram Ranghang)।

KAAC Election 2022
KAAC Election 2022

ডিফু, 24 মে': অহা 8 জুনত অনুষ্ঠিত হʼবলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত আটাইকেইটা পৰিষদীয় সমষ্টিত বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং (Tuliram Ranghang campaing for KAAC election) । মঙলবাৰে সন্ধিয়া বকলীয়াঘাটস্থিত বিজেপি দলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশ লয় ৰংহাঙে ৷ ভাষণ প্ৰসংগত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সমাগত নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত কৰাৰ বাবে সকলোকে দিনে নিশাই দলৰ হৈ কাম কৰাৰ বাবে আহ্বান জনায় ।

প্ৰতিটো সমষ্টিৰ গাঁৱে-ভূঞে আনকি বিৰোধী দলৰ সমৰ্থকসকলৰ মাজলৈ গৈ দলৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনায় কৰ্মীসকলক । আনহাতে, অহা 29 মে'ৰ পৰা পৰিষদৰ 26 টা সমষ্টিৰ প্ৰতিটো সমষ্টিতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়ে ৰংহাঙে । এইবাৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব লাভত ব্যৰ্থ হʼলেও কোনো প্ৰাৰ্থীয়ে বিসম্বাদত লিপ্ত নোহোৱাটো দলৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহীগৰাকীয়ে ।

উল্লেখ্য যে, 8 জুনত পুৱা 7.30 বজাৰ পৰা বিয়লি 4.30 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । সেই অনুসৰি 12 মে’ৰ পৰা জাৰি হৈছে নিৰ্বাচনী অধিসূচনা । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ 26 টা সমষ্টিত 8 জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল 23 মে' । মুঠ 164 খন মনোনয়ন দাখিল কৰিছে প্ৰাৰ্থীসকলে ৷

মনোনয়ন পত্ৰ পৰীক্ষণৰ অন্তত চূড়ান্ত তালিকা প্ৰকাশ কৰা হয় 24 মে'ত । 12 জুনত অনুষ্ঠিত হ'ব ভোট গণনা । পৰিষদখনৰ মুঠ 26 টা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 7,03,298 গৰাকী । ইয়াৰে 3,55,503 জন পুৰুষ, 3,47,790 গৰাকী মহিলা আৰু 5 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

আনহাতে, মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 906 টা । কাৰ্বি আংলঙৰ লুমবাজং সমষ্টিত সৰ্বাধিক 69,815 গৰাকী ভোটাৰ থকাৰ বিপৰীতে বোকাজানৰ সৰুপথাৰ সমষ্টিত সৰ্বনিম্ন 10,128 গৰাকী ভোটাৰ আছে । ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ 57 টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে । পুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজালৈ প্ৰচাৰ চলাব পাৰিব ।

লগতে পঢ়ক : KAAC Election 2022: 26 টা সমষ্টিত 164 খন মনোনয়ন দাখিল ভিন্ন দলৰ প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.