ETV Bharat / state

karbi youth festival 2022: কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী

author img

By

Published : Mar 6, 2022, 7:29 PM IST

নিজম পৰিল ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱস্থলী (Karbi youth festival 2022)৷ সামৰণিৰ দিনটোত লক্ষাধিক দৰ্শকেৰে লোকাৰণ্য হৈ পৰে কাৰ্বি লোক কৃষ্টি-সংস্কৃতিৰ সাধনাস্থলী মায়াময় তাৰালাংচ ৷ উপস্থিত থাকিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Karbi youth festival 2022
কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী

ডিফু, ৬ মাৰ্চ : 1 মাৰ্চৰ পৰা 5 মাৰ্চলৈকে চলা তাৰালাংচত জনগোষ্ঠীয় নৃত্য-সংগীতেৰে মুখৰিত হৈ থকা ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ শনিবাৰে নিশা সফল সামৰণি পৰে (Karbi youth festival 2022)৷ দেওবাৰৰ পুৱালৈকে লক্ষাধিক দৰ্শকেৰে লোকাৰণ্য হৈ পৰে কাৰ্বি লোক কৃষ্টি-সংস্কৃতিৰ সাধনাস্থলী মায়াময় তাৰালাংচ ৷

কাৰ্বি আংলঙৰ কাৰ্বি কালচাৰেল ছ'চাইটিৰ ৩২ খন জ'নেল সমিতিৰ উপৰিও তেজপুৰ, মেঘালয় আৰু শিলচৰৰ প্ৰতিনিধি শিল্পীসকলে চাৰিখন বিশাল মুকলি মঞ্চত প্ৰতিদিনেই নৃত্য- গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে৷ সহস্ৰাধিক শিল্পীয়ে মুকলি আকাশৰ তলত এক মেলামুখী পৰিবেশৰ মাজত পৰাম্পৰাগত জাতীয় নৃত্যৰে ৫ টা দিন ধৰি ৰসাল কৰি তোলা ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ প্ৰাণোচঞ্চল কাৰ্বি যুৱক-যুৱতীৰ নৃত্যৰে যৱনিকা পৰে ৷

৮২৭ বিঘা মাটিকালিৰ সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহসমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰ্বি, ডিমাচা, গাৰো, ৰাভা, গোৰ্খা, ৰেংমা নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয়৷ যুৱ মহোৎসৱটিৰ আৰম্ভনিৰ দিনৰে পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধভাবে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প, ভোজমেলা যুৱক-যুৱতীসকলৰ নৃত্যগীতে দৰ্শকসকলক পাচোঁটা দিন আত্মবিভোৰ কৰি ৰাখে ৷

অন্তিমদিনৰ কাৰ্যসূচী অনুসৰি কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ডিফুৰ পৰা তাৰালাংচলৈ মাৰাথান দৌৰ, দিনটো বিভিন্ন মঞ্চত নৃত্য, ক্ৰীড়া, চুটি গল্প লিখন আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া চিং মিৰজেং আচেতাই (মঞ্চত) ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি, সম্পাদক আৰু সদস্যসকলক কেচিএছৰ দ্বাৰা সম্বাৰ্ধনা জ্ঞাপন কৰে ৷ সামৰণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma in Karbi youth festival), পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপৰিও সাংসদ হৰেণছিং বে’, বিধায়ক বিদ্যাছিং ইংলেং, ৰূপছিং টিচ', দৰচিং ৰংহাঙ উপস্থিত থাকে৷

নিজৰ ভাষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ছয় কাৰ্বি বিদ্ৰোহী সংগঠনসমূহৰ হোৱা শান্তিচুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ’ব৷ অসমৰ ভিতৰতে কাৰ্বি আংলঙৰ ভূখণ্ড এক উন্নয়ণৰ ভূখণ্ড বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কাৰ্বি জাতিক অসমৰ ভিতৰতে নহয়, বিশ্বৰ ভিতৰতে এক উন্নয়নশীল জাতিৰূপে প্ৰতিষ্ঠা কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কাৰ্বি আংলঙত নিৰ্মান হোৱা সামগ্ৰীৰ উচিৎ বজাৰ মূল্যৰ পোৱাৰ ব্যৱস্থা কৰাৰ লগতে কাৰ্বি যুৱক-যুৱতীসকলক অৰ্গেনিক কৃষিৰ লগত জড়িত হবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কাৰ্বি আংলঙৰ অপৰূপ সৌন্দৰ্য আৰু মনমোহা পৰিৱেশৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ কাৰ্বি আংলঙত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

আনহাতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে, কাৰ্বি আংলং, ডিমা হাচাও আৰু বড়োলেণ্ডত একালত আতংকময় পৰিৱেশ আছিল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বৰ্তমান উক্ত অঞ্চলসমূহত বিদ্ৰুোহী সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ বাতাবৰণৰ সৃষ্টি কৰিছে ৷ ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্তাৰযোগে লাংহিনত অনুষ্ঠিত সদৌ বড়ো ষ্টুডেণ্ট ইউনিয়নৰ অধিৱেশনত অংশ গ্ৰহণ কৰি বড়ো চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইয়াৰ পিছত বিৰলা অসম ৰাইফলছৰ ওচৰৰ জিলা বিজেপিৰ নতুন কাৰ্যালয় ভৱন আৰু তাৰালাংচত এটা মিউজিয়ামৰ শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: বিহু পতাকলৈ আপত্তি কৰাৰ অধিকাৰেই নাই মুখ্যমন্ত্ৰীৰ : ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.