গুৱাহাটী, ৩০ মাৰ্চ: বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি অসমলৈ উভতি অহা বক্সাৰ লাভলীনা বৰগোহাঁইক বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় ৷ জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে । বক্সিঙৰ বিশ্ব খিতাপ জয় কৰি অসমৰ লগতে দেশবাসীক গৌৰাৱাম্বিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে লাভলীনা বৰগোহাঁইক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে (Lovlina Borgohain in Guwahati) ।
মুখ্যমন্ত্ৰীয়ে কয় যে লাভলীনা বৰগোহাঁয়ে অসম আৰু ভাৰতীয় ক্ৰীড়াক এক নতুন শীৰ্ষলৈ লৈ গৈছে ৷ নৱ প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰা লাভলীনা বৰগোহাঁইয়ে অনাগত দিনত আৰু বহুতো পদকেৰে দেশবাসীক গৌৰাম্বিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে (CM felicitate Lovlina) ।
উল্লেখ্য যে শেহতীয়াকৈ আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত স্বৰ্ণ জয় কৰিছিল লাভলীনাই । স্বৰ্ণ জয় কৰাৰ পাচত বক্সাৰগৰাকী বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় । বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰাৰ পাচত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত বিপুল আদৰণি জনোৱা হয় ৷ বিমান বন্দৰৰ পৰা লাভলীনা বৰগোহাঁইয়ে পোনে পোনে শক্তিপীঠ মা কামাখ্যা মন্দিৰলৈ যায় (Boxer Lovlina Borgohain) ।
বক্সাৰগৰাকীয়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবলৈ দেৱালয়ত উপস্থিত হয় । লাভলীনাই পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যসহ মা কামাখ্যাৰ শ্ৰীচৰণত পূজা-অৰ্চনা আগবঢ়ায় । ইফালে, জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ পাছতে বিয়লি আসাম এমেচাৰ বক্সিং ফেডাৰেশ্যনে লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে । ৰাইজৰ মৰমত আপ্লুত হৈ পৰা লাভলীনা বৰগোহাঁয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে অসমৰ মানুহে মোকলৈ কৰা আশাবোৰ সজীৱ কৰিব পৰা কাৰণে মই সুখী (Champion boxer Lovlina Borgohain)।
লাভলীনাই লগতে কয় যে অলিম্পিকৰ পাচত তেওঁৰ জীৱনত বহু উত্থান-পতন আহিছিল ৷ আনহাতে কমনৱেল্থত পৰাজিত হোৱাৰ বাবে বহু সমালোচনাৰো সন্মুখীন হৈছিল । অলিম্পিকৰ ব্ৰঞ্জ মেডেলটো গ’ল্ডলৈ ৰূপান্তৰ কৰাটো বৰ্ত্তমান তেওঁৰ লক্ষ্য বুলিও উল্লেখ কৰে লাভলীনাই ৷
উল্লেখ্য যে অসমৰ নাম বিশ্ব বক্সিঙৰ ইতিহাসত সোণালী আখৰেৰে লিখি অসমবাসীক গৌৰাৱান্বিত কৰি তোলা লাভলীনালৈ ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে । চলিত বিধানসভাৰ বাজেট অধিৱেশনত বুধবাৰে লাভলীনা বৰগোঁহাইলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।
বিধানসভাত লোৱা ধন্যবাদসূচক প্ৰস্তাৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ কৃতিত্ব আৰু ক্ৰীড়া ক্ষেত্ৰলৈ অবিস্মৰণীয় অৱদানক উচ্চ প্ৰশংসা কৰি অসম চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে (Assam govt reward to Lovlina) ।
লগতে পঢ়ক: Provincialisation of govt schools: প্ৰায় 19527 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকৰ আশাত চেঁচাপানী