ETV Bharat / state

সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় সীমা সংঘাত : হিমন্ত বিশ্ব শৰ্মা - border dispute

ডিফুত সংবাদ মাধ্যমক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ স্বভাৱসুলভ হাঁহিৰে মুখ্যমন্ত্ৰীয়ে ক’লে, সীমা সমস্যা সম্পৰ্কত সাংবাদিক সকল বেছি গভীৰলৈ সোমোৱাৰ প্ৰয়োজন নাই ৷ সীমা সমস্যা বুজি পোৱাতো সাংবাদিকৰ আওতাৰ বাহিৰত ৷

MEDIA ROLL ABOUT BORDER ISSUE
হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Aug 23, 2021, 8:47 PM IST

ডিফু, 23 আগষ্ট : ‘‘সীমা সমস্যা সম্পৰ্কত সাংবাদিক সকল বেছি গভীৰলৈ সোমোৱাৰ প্ৰয়োজন নাই ৷ সীমা সমস্যা বুজি পোৱাতো সাংবাদিকৰ আওতাৰ বাহিৰত ৷ সাংবাদিকে লিখা কথাই সৃষ্টি কৰে হুলস্থুলৰ ৷’’ সীমা সমস্যা সন্দৰ্ভত মন্তব্য কৰি সাংবাদিকক কটু সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ডিফুত সদৌ অসম উপায়ুক্তসকলৰ প্ৰথমখন সন্মিলনৰ অন্তিম দিনত এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : শ্বহীদ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিও পাহৰিলে নেকি বিজেপি চৰকাৰে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চুবুৰীয়া ৰাজ্যৰ সৈতে চলি থকা সীমা বিবাদ সন্দৰ্ভ প্ৰশ্ন কৰিছিল একাংশ সাংবাদিকে ৷ তাৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘‘অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে অসম চৰকাৰৰ শান্তিপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ ভাৱ আছে ৷ অসমৰ মাটিত কোনো নোসোমায় আৰু অসমেও কাৰো মাটিত নোসোমায় ৷ সাংবাদিকসকলে এই ইচ্যু বুজি নাপায়, সাংবাদিকসকলে সীমা সমস্যা বুজি পোৱা ইচ্যু নহয় ৷ সাংবাদিকসকল সোমালে ভাল কাম এটাৰে পিছতে নিউজ লিখি থাকে ৷ বৰ্তমান কোনো লোক ফুৰিবলৈ আহিলেও নাগালেণ্ডৰ লোক অহা বুলি প্ৰচাৰ কৰে ৷ যাৰ ফলত হুলস্থুলৰ সৃষ্টি হয়’’৷

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে ৷ বিশ্বাস নাৰাখিলে ভাৰতখন দ্বিখণ্ডিত হ’ব ৷ কাৰণ অসম আৰু চুবুৰীয়া ৰাজ্যসমূহ ভাৰতৰেই অংশ ৷ চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিলেহে প্ৰশাসন চলিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আওপকীয়াকৈ এই সংঘাত সমূহ সংঘটিত হোৱাৰ কাৰণ হিচাপে সংবাদ মাধ্যমকো জগৰীয়া কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : সাত খুন মাফ; কিয়নো ধৰ্ষণৰ অভিযুক্ত আই আই টিৰ ছাত্ৰ

উল্লেখ্য যে, অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ মাজত প্ৰায়েই সংঘটিত হৈ আহিছে সীমা বিবাদ ৷ শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্ত আৰু আৰক্ষীৰ গুলীত শ্বহীদ বৰণ কৰিছে সাত গৰাকীকৈ অসম আৰক্ষীৰ জোৱানে ৷ গুৰুতৰভাৱে আহত হৈ আজিও চিকিৎসাধীন হৈ আছে আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰৰ লগতে কেইবাগৰাকীও আৰক্ষী জোৱান ৷ সেই সময়ত ক্ষীপ্ৰতাৰে তথা নিৰ্ভীকভাৱে সংঘৰ্ষজৰ্জৰ অঞ্চলটোত গৈ বাতৰি পৰিবেশন কৰিছিল বহু সংবাদকৰ্মীয়ে ৷ যাৰ ফলত এই বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়তো খলকনি লগাইছিল ৷

কিন্তু তাৰ পাচতো এই বিষয়টো সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় বুলি খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কোৱাতো পৰিতাপৰ কথা ৷ কেৱল মাত্ৰ সংবাদ মাধ্যমৰ বলতেই নিজৰ চৰকাৰৰ প্ৰতিটো খতিয়ান ৰাইজৰ মাজত বিলাবলৈ সক্ষম হয় চৰকাৰপক্ষ ৷ তেনে স্থলত সাংবাদিকক এইদৰে মুকলিকৈ কটাক্ষ কৰাতো এক প্ৰকাৰ অপমানজন ঘটনা ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্য সন্দৰ্ভত এতিয়া ৰাজ্যৰ সাংবাদিক সকলে কি প্ৰতিক্ৰিয়া আগবঢ়াই সেয়া অৱশ্যেই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : ঐতিহাসিক কাজিখোৱা গল্ফ ফিল্ড সংৰক্ষণৰ দাবীত আলফা স্বাধীনৰ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.