ETV Bharat / state

স্বায়ত্ত্বৰাজ্যৰ দাবীৰে কাৰ্বিআংলঙত আত্মপ্ৰকাশ CCUৰ - প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

সংগঠনটোৰ অভিযোগ সংগ্ৰামী সত্তা সমূহ বহুধা বিভক্ত হোৱাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে স্বায়ত্ব ৰাজ্যৰ দাবীৰ ক্ষেত্ৰত ৷ সেয়ে সকলো সংগ্ৰামী দল- সংগঠনক একত্ৰীকৰণৰ প্ৰয়োজন আহি পৰিছে বুলি কয় চিচিইউৰ ছায়চিং ৰংপিয়ে ৷ তদুপৰি কেএনএলএফৰ শীৰ্ষ নেতৃত্ব পি দিলী আৰু থং টেৰণৰ উপস্থিতিত চিচিইউৰ হৈ ছায়চিং ৰংপিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, পাহাৰীয়া জিলাৰ দলসমূহক একত্ৰিতকৰণৰ বাবে ৪০ জনীয়া এখনি আহ্বায়ক সমিতিও গঠন কৰা হৈছে ৷

ccu-formed-for-autonomous-state
স্বায়ত্ত্বৰাজ্যৰ দাবীৰে কাৰ্বিআংলঙত আত্মপ্ৰকাশ CCUৰ
author img

By

Published : Nov 11, 2020, 10:29 PM IST

ডিফু, ১১ নৱেম্বৰঃ স্বায়ত্ত্বৰাজ্যৰ দাবীৰেই আত্মপ্ৰকাশ কৰিছে কনভেনিং কমিটি ফৰ ইউনিফিকেছন চমুকৈ চিচিউয়ে ৷ বুধবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে সংগঠনটোৱে ৷ তিনি পাৰ্বত্য জিলাকলৈ দীৰ্ঘদিন ধৰি চলি থকা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক) অনুসৰি এখন স্বায়ত্ত্বৰাজ্যৰ দাবীক চলাই নিয়া বহুধা বিভক্ত সংগ্ৰামী সত্তা সমূহক ঐক্যবদ্ধ ভাবে যুঁজ দিয়াই লক্ষ্য আৰু উদ্দেশ্য বুলি সদৰী কৰে সংগঠনৰ নেতৃবৰ্গই ৷ সংগঠনটোৰ অভিযোগ, সংগ্ৰামী সত্তা সমূহ বহুধা বিভক্ত হোৱাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে স্বায়ত্ব ৰাজ্যৰ দাবীৰ ক্ষেত্ৰত ৷ সেয়ে সকলো সংগ্ৰামী দল-সংগঠনক একত্ৰীকৰণৰ প্ৰয়োজন আহি পৰিছে বুলি কয় চিচিইউৰ ছায়চিং ৰংপিয়ে ৷

তদুপৰি কেএনএলএফৰ শীৰ্ষ নেতৃত্ব পি দিলী আৰু থং টেৰণৰ উপস্থিতত চিচিইউৰ হৈ ছায়চিং ৰংপিয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে, পাহাৰীয়া জিলাৰ দল সমূহক একত্ৰিতকৰণৰ বাবে ৪০ জনীয়া এখনি আহ্বায়ক সমিতিও গঠন কৰা হৈছে ৷ ইতিমধ্যে আলোচনাপন্থী সশস্ত্ৰ সংগঠন কেএনএলএফ, কেপিএলটি, ইউপিএলৰ চৰকাৰ সৈতে আলোচনা হৈছে আৰু হ'বলগীয়া আলোচনা সমূহত যাতে সময়োপযোগী সমৰ্থন আগবঢ়াব পৰা যায় তাৰ প্ৰতি দৃষ্টি ৰাখিব এই সমিতিয়ে ৷

আনহাতে, জিলাখনৰ সীমা সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতীয় সমস্যা সমূহক লৈ অতি শীঘ্ৰে এখন অভিৱৰ্তন আহ্বান কৰি সেই সমূহৰ ওপৰত গঠনমূলক ভাৱে আলোচনা কৰা হ'ব বুলি জনায় ছায়চিং ৰংপিয়ে ৷ আনহাতে, প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অলপতে বিটিএডিৰ নিৰ্বাচনী প্ৰচাৰত ষষ্ঠ অনুসূচীত এলেকাত অজনজাতীয় লোকে ভূমিৰ ক্ৰয় বিক্ৰয় কৰিব পাৰিব বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকাশ কৰি এনে মন্তব্যক দূৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৰংপিয়ে ৷

লগতে পঢ়কঃ বাঘজান অগ্নিকাণ্ডৰ ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.