ETV Bharat / state

কাৰ্বি আংলঙত সন্ন্যাসীৰ ৰূপত গাড়ীচোৰ: উদ্ধাৰ বিলাসী বাহন

author img

By

Published : Jun 10, 2021, 12:33 PM IST

কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এটা দুৰ্ধৰ্ষ গাড়ী চোৰ । সন্ন্যাসীৰ বেশত আহিছিল গাড়ী চোৰটো । এখন বিলাসী বাহনসহ জগা সিং নামৰ চোৰটো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

car lifter arrest
কাৰ্বি আংলঙত সন্যাসীৰূপী গাড়ীচোৰ গ্ৰেপ্তাৰ

ডিফু,10 জুন: বিগত সময়চোৱাত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও চক্ৰটোৱে ন ন কৌশল অৱলম্বন কৰি আৰক্ষীৰ চকুত ধুলি দি আহিছিল । কিন্তু বুধবাৰে জিলাখনৰ ডিলাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এটা দুৰ্ধৰ্ষ গাড়ী চোৰক ।

এখন বিলাসী বাহনসহ সন্ন্যাসীৰ ৰূপত থকা চোৰটোক সন্ধিয়া নিয়মীয়া তালাচীৰ সময়ত আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । উল্লেখ্য যে, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা নিয়মীয়া তালাচীৰ সময়ত হাৰিয়ানাৰ পৰা মণিপুৰ অভিমুখে আহি থকা মহিন্দ্ৰা কে ইউ ভি(KUV) মডেলৰ বাহনখন প্ৰত্যক্ষ কৰে ৷ পিছত তালাচী চলোৱাৰ পিছত বাহনখন চুৰি হোৱা বুলি আৰক্ষী নিশ্চিত হয় ৷ আৰক্ষীয়ে চুৰি বাহনখন জব্দ কৰাৰ লগতে বাহনখনত অহা সন্ন্যাসীৰূপী গাড়ীচোৰ জগা সিং নামৰ দুৰ্ধৰ্ষ গাড়ী চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

দুটাকৈ গাড়ীচোৰে বাহনখন হাৰিয়ানাৰ পৰা চুৰি কৰি অনা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ চকুত ধুলি দিয়াৰ উদ্দেশ্যে চোৰ দুটাই সন্ন্যাসীৰ বেশত অহা বুলি ধাৰণা কৰা হৈছে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: নামতোলাত আৰক্ষী-চিআৰপিএফৰ যুটীয়া অভিযানত গাঞ্জাসহ এজন আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.