ETV Bharat / state

আছু-এ জে ৱাই ছি পিৰ উদ্যোগত মানৱ শৃংখল

সোমবাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সংগঠন দুটাই নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

CAA protest by aasu ajycp hawraghat karbi anglong assam etv bharat news
মানৱ শৃংখল প্ৰদৰ্শন
author img

By

Published : Aug 10, 2020, 8:33 PM IST

ডিফু,১০ আগষ্ট: পুনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে ৰাজ্যত ৷ নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ দাবীত সোমবাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সংগঠন দুটাই মানৱ শৃংখল প্ৰদৰ্শনেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

মানৱ শৃংখল প্ৰদৰ্শন

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দুয়োটা ছাত্ৰ সংগঠনৰ ভালেসংখ্যক ছাত্ৰ-কৰ্মীয়ে ৷ প্ৰতিবাদকাৰীসকলে হাতে-হাতে সংগঠনৰ পতাকা লৈ দাবীসমূহ উত্থাপন কৰি বিভিন্ন চৰকাৰী বিৰোধী শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে ৷ এঘণ্টাজোৰা এই কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰক প্ৰত্যাহ্বান জনাই চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

লগতে চাওকঃ বিগত এমাহে পানীৰ তলত ৰঙিয়াৰ খন্দিকৰবাসীঃ সাক্ষাৎ নাই জন প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.