ETV Bharat / state

ডিফুত প্ৰতিষ্ঠিত ব্যৱসায়ীৰ দেহাৱসান

author img

By

Published : Jul 22, 2020, 5:02 PM IST

বুধবাৰে কাৰ্বি আংলঙ জিলাৰ ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হৰিপদ দেৱনাথ ওৰফে বাচ্চু দেৱনাথ নামৰ 73 বছৰীয়া ব্যৱসায়ী জনৰ দেহাৱসান ঘটে ৷ স্বৰ্গীয় দেৱনাথ দীৰ্ঘ দিনৰ পৰা হৃদৰোগ আৰু মধুমেহ ৰোগত ভুগি শয্যাশায়ী হৈ আছিল ৷ তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে ৷

BUSINESSMAN DEAD IN ASSAM DIPHU
ডিফুত প্ৰতিষ্ঠিত বেকাৰী ব্যৱসায়ীৰ দেহাৱসান

ডিফু, ২২ জুলাই : ৰাজ্যত ক'ভিড-19 য়ে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে বুধবাৰে কাৰ্বি আংলঙ জিলাৰ ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ মৃত্যুই অঞ্চলজুৰি শোকৰ ছা পেলাইছে ৷

প্ৰাপ্ত খবৰ অনুসৰি,পুৱা প্ৰায় ৮ বাজি ৪৫ বজাত দেৱানবস্তিস্থিত নিজ বাস ভৱনত ডিফু চহৰৰ শনি মন্দিৰৰ সন্মুখৰ বেকাৰী ব্যৱসায়ী হৰিপদ দেৱনাথ ওৰফে বাচ্চু দেৱনাথ নামৰ 73 বছৰীয়া ব্যৱসায়ী জনৰ দেহাৱসান ঘটে ৷

পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি,স্বৰ্গীয় দেৱনাথ দীৰ্ঘ দিনৰ পৰা হৃদৰোগ আৰু মধুমেহ ৰোগত ভুগি শয্যাশায়ী হৈ আছিল ৷ স্বৰ্গীয় দেৱনাথ বিভিন্ন সামাজিক কৰ্মত জড়িত হৈ থকাৰ লগতে ডিফু শনি মন্দিৰৰ প্ৰাক্তন সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

উল্লেখ্য যে,তেওঁ মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ আৰু চাৰি গৰাকী জীয়ৰী আৰু নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক : বানত বুৰ গ’ল কাকৈজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেচাপানী গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.