ETV Bharat / state

বোকাজানত নৈশ বাছত জব্দ বাৰ্মিজ সামগ্ৰী

author img

By

Published : Jul 1, 2020, 3:15 AM IST

Updated : Jul 1, 2020, 2:06 PM IST

আৰক্ষী আৰু শুল্ক বিভাগৰ চকুত ধুলি ৷ যাত্ৰীবিহীন নৈশ বাছত উদ্ধাৰ বাৰ্মিজ সামগ্ৰী ৷ বোকাজানত জব্দ বাৰ্মিজ সামগ্ৰী সহ এখন নৈশ বাছ ৷

Burmese foreign goods seized at bokajan
Burmese foreign goods seized at bokajan

ডিফু, 1 জুলাই : যি সময়ত মহমাৰী কৰ’ণাৰ বাবে জনজীৱন স্তব্ধ হৈ সৰ্বসাধাৰণ গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে সেই সময়তেই একাংশ সুবিধাবাদী চতুৰ ব্যৱসায়ীয়ে অবৈধ ব্যৱসায়ৰ বিভিন্ন উপায়েৰে অধিক মুনাফা লাভৰ বাট মুকলি কৰি লৈছে ৷

বোকাজানত নৈশ বাছত জব্দ বাৰ্মিজ সামগ্ৰী

সোমবাৰে নিশা বোকাজানৰ বালিপথাৰত এখন নৈশ বাছত একাংশ ৰাইজৰ সহযোগিতাত আৰক্ষীয়ে জব্দ কৰাৰ পৰাৰ পাছতেই পোহৰলৈ আহিছে অসমত বাৰ্মিজ সামগ্ৰীৰ ৰমৰমীয়া অবৈধ ব্যৱসায়ৰ তথ্য ৷ ঘটনাৰ বিৱৰণী মতে অসম নাগালেণ্ডৰ আন্তৰাজ্যিক সীমান্ত সম্প্ৰতি বন্ধ থকাৰ মাজতে নগালেণ্ডৰ ডিমাপুৰৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে AS-01GC-4499 নম্বৰৰ দ্বীপ নামৰ এখন নৈশবাছ যাত্ৰীবিহীনভাৱে আহি থকাত একাংশ সচেতন লোকে সন্দেহ কৰি বাছখন বালিপথাৰত আবদ্ধ কৰি বোকাজান আৰক্ষীক অৱগত কৰে ৷

বোকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাছখন তালাচী চলাওতে প্ৰত্যক্ষ কৰে যে বাছখনত তিনিজন চালক কৰ্মচাৰীৰ বাদে নাছিল এজনো যাত্ৰী ৷ বাছখনৰ ওপৰত ট্ৰিপালেৰে বান্ধি থোৱা আৰু সংলগ্ন ডিকিত আছিল বস্তা আৰু কাৰ্টুনভৰ্তি বাৰ্মিজ সামগ্ৰী ৷ পাছত আৰক্ষীয়ে বাছখন থানালৈ আনি প্ৰাথমিক পৰীক্ষা কৰোতে সই কাৰ্টুন আৰু বস্তা সমূহত বাৰ্মাত প্ৰস্তুত কৰা পোছাক, প্ৰসাধনৰ সামগ্ৰী আদি থকাৰ কথা পোহৰলৈ আহে ৷

ইপিনে সাম্প্ৰতিক সময়ত আন্তৰাজ্যিক পৰিবহনৰ ক্ষেত্ৰত থকা বাধ্যবাধকতাৰ মাজত বাছখনৰ চালক কৰ্মচাৰীয়ে পৰিবহনৰ কোনো চৰকাৰী নিৰ্দেশনা পত্ৰ দেখুৱাব নোৱাৰাৰ পাছতো কি দৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ এনেদৰে বিদেশী সামগ্ৰী কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সেইটো এতিয়া তাৎপৰ্যৰ বিষয় হৈ পৰিছে ৷

নাগালেণ্ডৰ ডিমাপুৰৰ সীমান্তত নগা আৰক্ষীৰ তালাচী চকী আৰু অসমৰ সীমান্তৰ খটখটী আৰক্ষীৰ নিয়মীয়া তালাচী অবিহনে নিৰ্বিঘ্নে যাত্ৰীবিহীন বাছখন পাৰ হৈ অহাটোও এতিয়া এক উদ্বেগজনক বিষয় ৷ আনহাতে বাছখনৰ চালক কৰ্মচাৰীয়ে জনোৱা মতে কুৰিয়াৰ চাৰ্ভিছৰ জৰিয়তে এই সামগ্ৰী সমূহ ডিমাপুৰৰ পৰা যোৰহাটলৈ নি থকা হৈছিল যদিও তেওঁলোকৰ হাতত নাছিল শুল্ক বিভাগৰ কোনো নথি পত্ৰ ৷

উল্লেখযোগ্য যে, নাগালেণ্ডৰ ডিমাপুৰত বাৰ্মিজ সামগ্ৰীৰ এখন বৃহৎ বজাৰ আছে যাৰ জৰিয়তে অসমৰ বিভিন্ন স্থানলৈ এই সামগ্ৰীসমূহ যোগান ধৰা হয় বিভিন্ন মাধ্যমৰে ৷ আনহাতে ব্যৱসায়ী চক্ৰই বিভিন্ন পক্ষক মেনেজ কৰি কোনো শুল্ক নিদিয়াকৈ অবৈধভাৱে এই বিদেশী সামগ্ৰীসমূহ সৰবৰাহ কৰি আহিছে ৷ যাৰ বাবে দীৰ্ঘদিনৰ পৰাই চৰকাৰে হেৰুৱাবলগীয়া হৈছে কোটি কোটি টকাৰ ৰাজহ ৷

উক্ত নৈশবাছ খনত থকা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ত্ৰিশ লক্ষাধিক হ’ব বুলি বিশেষ সূত্ৰৰ যোগেদি জানিব পৰা গৈছে ৷ যদিহে আৰক্ষী আৰু শুল্ক বিভাগে অনাগত দিনত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে তেন্তে বিদেশী সামগ্ৰীৰ এনে চোৰাং ব্যৱসায়ৰ বৃহৎ বজাৰ ৰোধ কৰাৰ লগতে ৰাজকোষতো অধিক ৰাজহ যোগান ধৰাত সফল হ’ব ৷

Last Updated : Jul 1, 2020, 2:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.