ডিফু, ২৮ জুলাইঃ মঙলবাৰে এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয় কাৰ্বি আংলং জিলাৰ শান্তিপুৰ বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এলবাৰ্ট এল ৰিংএছতে(Elbart L Ringeste)আৰু তেওঁৰ দেহৰক্ষী গোলাপ বৰা । ঘটনাৰ বিৱৰণী অনুসৰি আৰক্ষী বিষয়াগৰাকী তেওঁৰ দেহৰক্ষী সহ শান্তিপুৰৰ পৰা বোকাজানলৈ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা সময়তে বৰনেৰীয়া দলঙৰ কাষত হঠাতে গাড়ীৰ সন্মুখলৈ অহা গৰুক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয়।
লগতে পঢ়কঃ হাফলংত কোভিড 19 ত আক্ৰান্ত এগৰাকী চিকিৎসক
আৰক্ষী বিষয়া এলবাৰ্ট এল ৰিংএছতে তেওঁৰ দেহৰক্ষীৰ সৈতে বাহনখনেৰে বৰনেৰীয়া জানত পৰে । অৱশ্যে বিষয়াগৰাকীয়ে ব্যক্তিগত দেহৰক্ষীৰ সৈতে বহু কষ্টৰে গাড়ীৰ সন্মুখৰ গ্লাচ ভাঙি পাৰলৈ উঠিবলৈ সক্ষম হয় ৷ প্ৰবল সোঁতৰ জানটোৰ পৰা কথমপি ৰক্ষা পৰে বিষয়াজনৰ লগতে তেওঁৰ দেহৰক্ষীজন । উল্লেখ্য যে সৌভাগ্যক্ৰমে গুৰুত্বৰ আঘাতৰ পৰা ৰক্ষা পৰে দুয়োজনেই ৷