ডিফু, 21 জুলাই : মঙলবাৰে বিয়লি প্ৰায় পাঁচ বজাত বকলীয়াঘাট নগৰ এলেকাৰ অন্তর্গত ইটাভাটাত সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা ৷ চলন্ত টেংকাৰৰ পৰা খুলি যোৱা চকাই মহতিয়াই নিয়ে দুগৰাকী মহিলাক ৷ ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় এক নং উদালি গাঁৱৰ বীণা শইকীয়া (54) আৰু সামেশনী দেৱী (60) নামৰ মহিলা দুগৰাকী ৷
ঘটনাৰ বিৱৰণী অনুসৰি,36 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা এখন দহচকীয়া তেল পৰিবাহী টেংকাৰৰ এটা চকা খুলি গৈ উক্ত সময়তে উক্ত পথেৰে আহি পকা দুগৰাকী মহিলাক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দুয়োগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় ।
আহত দুয়োগৰাকী মহিলাকে লগে লগে বকলীয়াঘাটি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত অতি গুৰুতৰ হোৱাৰ বাবে দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় । ইয়াৰে বীণা দেৱীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।