ETV Bharat / state

বোকাজানত বাগানৰ মাটি বেদখল কৰাক লৈ উত্তপ্ত পৰিস্থিতি - সন্দেহযুক্ত নাগৰিক

মঙলবাৰে পুৱাৰে পৰা প্ৰায় ২ শতাধিক লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বোকাজানৰ লাহৰিজান বাগানত । হাতত লাঠী জোং লৈ ওলায় আহে বাগানৰ বহু লোক ।

bokajan land occupied by suspected citizens
বোকাজানত বাগানৰ মাটি বেদখল কৰাক লৈ উত্তপ্ত পৰিস্থিতি
author img

By

Published : Sep 8, 2020, 9:24 PM IST

ডিফু, ৯ ছেপ্তেম্বৰ: বোকাজানৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান বাগানৰ মাটি সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা বেদখল কৰাক কেন্দ্ৰ কৰি মঙলবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । বাগানৰ লোকে নিজে থাকিবলৈ নিৰ্মাণ কৰা গৃহত অবৈধ ভাৱে সন্দেহযুক্ত নাগৰিকে দখল কৰাক লৈ পুৱাৰে পৰা বাগানৰ লোকে সন্দেহযুক্ত নাগৰিকৰ ঘৰ ভাঙিবলৈ উদ্যত হয় যদিও আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় । বাগানৰ চাহ পুলিও কাটি তহিলং কৰাৰো অভিযোগ উত্থাপন হৈছে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে । বহু দিন ধৰি অসম নাগালেণ্ড সীমান্তস্থিত লাহৰিজান বাগানত সন্দেহযুক্ত নাগৰিকৰ অৱস্থিতিক লৈ ভিন্ন সময়ত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায় ।

বোকাজানত বাগানৰ মাটি বেদখল কৰাক লৈ উত্তপ্ত পৰিস্থিতি

যাৰ ফলতেই মঙলবাৰে পুৱাৰে পৰা প্ৰায় ২ শতাধিক লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বোকাজানৰ লাহৰিজান বাগানত । হাতত লাঠী জোং লৈ ওলায় আহে বাগানৰ বহু লোক ।
লগতে পঢ়ক: নলবাৰীত কৰ্তব্যৰত আৰক্ষীক উভটি ধৰিলে যুৱতীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.