ETV Bharat / state

বোকাজানত ৰাইজৰ ৰোষত ভুৱা সাংবাদিক

author img

By

Published : Sep 23, 2019, 1:17 PM IST

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাত একাংশ ভুৱা সাংবাদিকে বিভিন্ন অনৈতিক কাৰ্যৰে ৰাইজৰ মাজত দৌৰাত্ম চলাই আহিছে ৷ তেনে দুজন ভণ্ড সাংবাদিক ৰাইজৰ ৰোষত পৰি আলহী হ'ল ৰঙাঘৰৰ ৷

বোকাজানত ৰাইজৰ ৰোষত ভুৱা সাংবাদিক

বোকাজান, 23 ছেপ্টেম্বৰঃ কাৰ্বি আংলংৰ বোকাজানত দিনক দিনে বৃদ্ধি পাইছে একাংশ তথাকথিত ভুৱা সাংবাদিকৰ দপদপনি ৷ বিগত কিছুদিনৰ পৰা মহকুমাটোৰ বিভিন্ন গৈ বাতৰি পৰিৱেশনেৰে দৌৰাত্ম্য চলাই অহা দুজন ভুৱা সাংবাদিকক সোমবাৰে লপা-থপা দি আৰক্ষীক গতাই দিয়ে চিলনীজানৰ একাংশ ব্যৱসায়ী তথা স্থানীয় ৰাইজে ৷ ঘটনা অনুসৰি, দেওবাৰে AS-09G-1089 নম্বৰৰ এখন ইনভা গাড়ীৰে স্বয়ম্ভু সাংবাদিকৰ দলটোৱে চিলনীজানস্থিত প্ৰতিখন লাইন হোটেলৰ পৰা ৫০০ টকাকৈ দাবী কৰাৰ লগতে মাহেকীয়া হিচাপেও ধন আদায় দিবলৈ ভাবুকি দিয়ে ৷ ইয়াৰ পিছতে চাৰিজনীয়া সাংবাদিকৰ দলটোৱে এখন হোটেলত আহাৰ গ্ৰহণ কৰি বিল আদায় কৰিবলৈ অমান্তি হয় ৷ ইফালে হোটেলৰগৰাকীয়ে খাদ্যৰ লগত আপ্যায়ন কৰা সুৰাৰ বাবে ওলোটাই হোটেল পৰিচালনাৰ দায়িত্বত থকা মহিলা এগৰাকীকেই সুৰা বিক্ৰী কৰাৰ বাবে ধনৰ লেন-দেন কৰাৰ প্ৰস্তাৱ দিয়ে ৷ প্ৰস্তাৱ অগ্ৰাহ্য কৰাত দলটোৱে নিজকে ৰাজ্যখনৰ এটা বিশেষ নিউজ চেনেলৰ সাংবাদিক বুলি পৰিচয় দি হোটেলখনত অভিযান চলোৱা,বাতৰি পৰিৱেশন কৰাৰ ভাবুকি প্ৰদানেৰে 500 টকা আদায় কৰি লয় ৷

পিচত দলটোৰ ওপৰত সন্দেহ হোৱাত পৰিস্থিতি ক্ৰমশ বেয়াৰ ফালে ঢাল খোৱাত স্থানীয় ৰাইজ আৰু ব্যৱসায়ীসকলে দলটোক সোধ-পোছ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৱিত্ৰপ্ৰাণ বৰা আৰু গোপী পাল নামৰ দুজন স্বয়ম্ভু সাংবাদিকক আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে গাড়ীখনৰ চালক আৰু সহযোগী হিচাপে থকা লিটন ডে নামৰ যুৱক দুজন পলাই সাৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে এই দলটোৰ লগতে আন একাংশ তথাকথিত সাংবাদিকেও অসম নগালেণ্ড সীমান্তৰ লাহৰীজানত বহুদিনৰ পৰা ধন দাবীৰে সম্প্ৰতি সন্ত্ৰাস চলাই ব্যতিব্যস্ত কৰি আহিছে ৷ আনকি স্থানীয় সংবাদ সেৱীৰ নামত অন্যান্য প্ৰান্তৰ একাংশ যুৱকেও চাকৰিৰ বদলিকৰণৰ দৰে বোকাজানত বাহৰ পাতি সমাজসেৱকৰ মুখা পিন্ধি এনে অনৈতিক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ৷

Intro:Slug: Bokajan fake reporter beaten by public.

Anchore:কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাত আজি কিছু দিন ধৰি কাঠফুলাৰ দৰে হঠাতে সৃষ্টি হোৱা একাংশ তথাকথিত সাংবাদিকে বিভিন্ন অনৈতিক কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ আজি তেনে দুজন স্বয়ম্ভু সাংবাদিকেই চিলনীজানত ৰাইজৰ ৰোষত পৰি ৰঙা ঘৰৰ আলহী হব লগীয়া হয় ৷

VO :- ঘটনাৰ বিৱৰণী মতে AS-09-G1089 নম্বৰৰ এখন ইনভাৰে দেওবাৰে কেবাদিনো ধৰি বোকাজান মহকুমাৰ বিভিন্ন স্থানত গৈ বাতৰি পৰিৱেশন কৰাৰ ভাবুকিৰে ধন দাবী কৰা দলতো আজি চিলনীজানত উপস্থিত হৈ চিলনীজানস্থিত প্ৰতিখন লাইন হোটেলৰ পৰা ৫০০ টকাকৈ দাবী কৰাৰ লগতে মাহেকীয়া হিচাপেও ধন আদায় দিবলৈ ভাবুকি দিয়ে ৷
ইয়াৰ পাছতে চাৰিজনীয়া দলটোৱে এখন হোটেলত আহাৰ গ্ৰহণ কৰি পইচা দিবলৈ অমান্তি হোৱাত তৰ্কাতৰ্কি হয় আৰু স্থানীয় লোক আৰু ব্যৱসায়ী সকল গোট খাই দলটোক সোধপোছ কৰি লপা থপা দিয়াৰ লগতে আৰক্ষীকো খবৰ দিয়ে ৷ আৰক্ষী উপস্থিত হৈ পৱিত্ৰপ্ৰাণ বৰা আৰু গোপী পাল নামৰ দুজন স্বয়ম্ভু সাংবাদিকক আটক কৰে ৷ অৱশ্যে ইনভাখনৰ চালক আৰু লিতন দে নামৰ আন এজন যুৱক ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷

VO:- উল্লেখ্য যে এই দলটোৰ লগতে আন একাংশ তথাকথিত সাংবাদিকেও অসম নগালেণ্ড সীমান্তৰ লাহৰীজানত ধন দাবীৰে সম্প্ৰতি সন্ত্ৰাস চলাই ব্যতিবস্ত কৰি আহিছে ৷ আনকি স্থানীয় সংবাদ সেৱীৰ নামত অন্যান্য প্ৰান্তৰ একাংশ যুৱকেও চাকৰিৰ বদলিকৰণৰ দৰে বোকাজানত বাহৰ পাতি সমাজসেৱকৰ মুখা পিন্ধি এনে অনৈতিক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে যাৰ স্থানীয় সমাজখনৰ লগত কোনো পৰিচিত নহয় ৷

Byte1,2,3: owner of the hotels.Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.