ডিফু,12 জানুৱাৰী : বোকাজান আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী ৷ বোকাজান মহকুমাৰ ডিলাই তিনিআলিত আৰক্ষীয়ে মঙলবাৰে পুৱা প্ৰায় ৯:৩০ বজাত স্থাপন কৰা এক বিশেষ নাকা তালাচীত মণিপুৰৰ পৰা নগাঁও অভিমুখী এখন বাছৰ পৰা উদ্ধাৰ কৰা হয় সামগ্ৰীখিনি ৷ ৩১ টা চাবোনৰ বাকচত উদ্ধাৰ হোৱা নিচাজাতীয় সামগ্ৰীখিনিৰ ওজন প্ৰায় 371 গ্ৰাম হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ এই সামগ্ৰীখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় 10 লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
নিচাজাতীয় সামগ্ৰীখিনিৰ লগতে আটক কৰা হয় এজন ড্ৰাগছ সৰবৰাকাৰীক ৷ ধৃত ড্ৰাগছ সৰবৰাকাৰী জন মণিপুৰৰ আঁচৰ আলী বুলি জানিব পৰা গৈছে ৷ আঁচৰ আলীয়ে ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছৰ দৌৰাত্ম ৷ প্ৰায় প্ৰতিদিনে একোটা প্ৰান্তত উদ্ধাৰ হয় নিচাজাতীয় সামগ্ৰী ৷ আৰক্ষীৰ অভিযানৰ পিছতো অবাধ গতিত চলি আছে এই ড্ৰাগছৰ ব্যৱসায় ৷ যি ক্ৰমাৎ নৱ প্ৰজৱন্মৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে ৷ এই ড্ৰাগছৰ ব্যৱসায়ৰ আঁৰত কোন কোন লোক জড়িত হৈ আছে এই সন্দৰ্ভত আৰক্ষীৰ তাত নাই কোনো তথ্য ৷ গতিকে এইক্ষেত্ৰত অতি শীঘ্ৰে ৰাজ্য চৰাকৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো নিতান্ত্যই প্ৰয়োজনীয় হৈ পৰিছে ৷
লগতে পঢ়ক-অবৈধভাৱে মজুত থকা 86 টা ছিলিণ্ডাৰ জব্দ যোগান বিভাগৰ