ডিফু,1 ডিচেম্বৰঃ বোকাজানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতি ,আটছাৰ বোকাজান শাখা সমিতি আৰু জাতীয় মহিলা পৰিষদৰ যৌথ সহযোগত ৩ ঘন্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ৷ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ (ILP) প্ৰৱৰ্তন আৰু অখিল গগৈৰ মুক্তিৰ দাবীত বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
হাতে-হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাপ কৰি তোলে সংগঠনকেইটাৰ সদস্যসকলে ৷ ধৰ্মঘট কাৰ্যসূচীৰ অন্তত AJYCP আৰু আটছাই তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ বোকাজান মহকুমাধিপতিৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ৷