ডিফু, 16 জুন : কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ৰংকুটত চাঞ্চল্যৰ ঘটনা ৷ হাওৰাঘাট থানা(Howrahghat Thana)ৰ অন্তৰ্গত ৰংকুট চৌহান বস্তিত সোমবাৰে পুৱা ক'ভিড ১৯ত আক্ৰান্ত এজন লোকৰ মৃতদেহ নলাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷
ঘটনাৰ বিৱৰণ অনুসৰি ৰংকুট চৌহান বস্তিৰ গবিন্দৰাম কালবাৰৰ পুত্ৰ অনন্ত কালবাৰ (৪৩)ৰ দেহত ১১ জুন তাৰিখে ক'ভিড ১৯ৰ উপস্থিতি নিশ্চিত হৈছিল আৰু চিকিৎসকৰ পৰামৰ্শ মতে হোম কোৱাৰেণ্টাইন(Home quarantine)ত আছিল ৷ কিন্তু দেওবাৰে নিশা অনন্ত কালবাৰ শৌচালায়লৈ যোৱাৰ পিছতে সন্ধানহীন হয় ৷ লোকজন ৰাতিৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও বিচাৰি নাপায় ৷
উল্লেখ্য যে, সোমবাৰে পুৱা গাঁওখনৰ কেইজনমান লোকে মৎস্য চিকাৰৰ বাবে যোৱাৰ সময়তে এটা নলাত অনন্ত কালবাৰৰ মৃতদেহটো উবুৰি খাই পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পিচত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা(Post mortem examination)ৰ বাবে ডিফুলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয় ৷
লগতে পঢ়ক : মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ