ETV Bharat / state

পাৰ্বত্য জিলাৰ চাৰিওখন আসনেই বিজেপিৰ দখলত - বিদ্যাছিং ইংলেং

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চাৰিওটা বিধানসভা সমষ্টিত বিজেপিৰ জয়লাভ ৷ 17 নং বোকাজান বিধানসভা সমষ্টিত ডাঃ নোমল মমিন, 18 নং হাওৰাঘাট সমষ্টিত দৰছিং ৰংহাং, 19 নং ডিফু (জনজাতীয়) বিধানসভা সমষ্টিত বিদ্যাছিং ইংলেং আৰু 20 নং বৈঠালাংচ’ সমষ্টিত ৰূপছিং টেৰণে জয়লাভ কৰে ৷

bjp-won-in-the-fouth-hilly-lac-constituencies
পাৰ্বত্য জিলাৰ চাৰিওখন আসনেই বিজেপিৰ দখলত
author img

By

Published : May 3, 2021, 11:43 AM IST

ডিফু, 3 মে’: পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চাৰিওটা বিধানসভা সমষ্টিত গেৰুৱা দল বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, 17 নং বোকাজান বিধানসভা সমষ্টিত বিজয় মুকুট পৰিধান কৰে বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনে ৷ ডাঃ নোমল মমিনে তেওঁৰ নিকটতম কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিতকৈ 17,749 টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ ডাঃ নোমল মমিনে 60,404 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিয়ে লাভ কৰে 42,655 টা ভোট ৷

18 নং হাওৰাঘাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সদস্য দৰছিং ৰংহাঙে অন্তিম ৰাউণ্ডলৈকে তেওঁৰ নিকটতম কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ টেৰণতকৈ 31,683 টা ভোটত অগ্ৰগতি লাভ কৰি জয়ী হয় ৷ চূড়ান্ত ৰাউণ্ডত বিজেপি প্ৰাৰ্থী দৰছিং ৰংহাঙে 57,927 টা ভোট লাভ কৰে আৰু কংগ্ৰেছৰ সঞ্জীৱ টেৰণে 26,244 টা ভোট লাভ কৰি আছিল ৷

পাৰ্বত্য জিলাৰ চাৰিওখন আসনেই বিজেপিৰ দখলত

19 নং ডিফু (জনজাতীয়) বিধানসভা সমষ্টিত শেষ হাঁহি মাৰে বিজেপি প্ৰাৰ্থী বিদ্যাছিং ইংলেঙে ৷ অন্তিম ৰাউণ্ডলৈকে বিজেপি প্ৰাৰ্থী বিদ্যাছিং ইংলেঙে তেওঁৰ নিকটতম প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী ছুম ৰংহাঙতকৈ 40,528 টা বৃহৎ ভোটত অগ্ৰগতি লাভ কৰি জয়ী হয় ৷ চূড়ান্ত ৰাউণ্ডলৈকে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে 77,032 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ছুম ৰংহাঙে 36,504 টা ভোট লাভ কৰে ৷

আনহাতে সমষ্টিটোত তৃতীয় স্থান দখল কৰে এপিএইছএলচিৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জনছ ইংতি কাথাৰে ৷ বিজেপি প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিজেপি আৰু তেওঁৰ জয়ৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ শীৰ্ষ নেতৃবৰ্গৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ অনুসৰি, জিলাখনৰ কাম কৰি যোৱাৰ লগতে নিবনুৱা সমস্যাৰ সমাধান কৰা হ’ব বুলি মন্তব্য কৰে ৷

20 নং বৈঠালাংচ’ সমষ্টিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী ৰূপছিং টেৰণে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ৷ মুঠ 16 টা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত ৰূপছিং টেৰণে মুঠ 88,727 টা ভোট লাভ কৰে ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ আগষ্টিন ইংতিতকৈ 52,929 টা ভোটৰ বৃহৎ ব্যৱধানত জয়ী হয় ৷ আগষ্টিন ইংতিয়ে লাভ কৰে 35,798 টা ভোট ৷

উল্লেখ্য যে, 20 নং বৈঠালাংচ’ সমষ্টিত বিজেপিয়ে এইবাৰ পূৰ্বৰ বিজেপি বিধায়ক ডাঃ মানচিং ৰংপিক টিকট প্ৰদান নকৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণক টিকট প্ৰদান কৰি বৃহৎ সংখ্যক ভোটেৰে দলক জয়ী কৰিবলৈ সক্ষম হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজয়ী প্ৰাৰ্থী ৰূপছিং ৰংহাঙে কয় যে, তেওঁ বৈঠালাংচ’বাসীৰ আশা-আকাঙ্খা আৰু উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰি যাব ৷

লগতে পঢ়ক : পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.