ডিফু, ২৪ নৱেম্বৰ: আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দুই পাৰ্বত্য জিলাত বিজেপি নেতৃত্বাধীন স্বায়ত্তশাসিত পৰিষদে অনুষ্ঠিত কৰি অহা ঐক্য-বিজয় আৰু সমৃদ্ধি ৰেলী শুকুৰবাৰে ধনশিৰি পৰিষদীয় সমষ্টিত অনুষ্ঠিত হৈ যায় । ধনশিৰি স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হোৱা এই ৰেলীত পৰিষদীয় সমষ্টিটোৰ সহস্ৰাধিক লোক উপস্থিতিত থাকে ।
পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, পৰিষদৰ সকলো কার্যবাহী সদস্য আৰু এমএচি উপস্থিত থাকে এই সভাত ৷ আদৰণি ভাষণ পাঠ কৰি এমএচি তিলোত্তমা হাচনুৱে বিজেপিৰ শাসন কালত সমষ্টিটো উন্নয়ন আৰু শান্তিৰ পথত ধাৱমান হৈছে বুলি দাবী কৰে । এতিয়া দুয়োখন পাৰ্বত্য জিলাত ঘৰে ঘৰে তুলিৰাম ৰংহাং এক জনপ্ৰিয় নাম বুলি উল্লেখ কৰে হাচনুৱে ।
সভাখনত বিধায়ক দুগৰাকীয়েও উন্নয়নমূলক আঁচনি সন্দর্ভত ভাষণ ৰাখে । মুখ্য কার্যবাহীসদস্যগৰাকীয়ে বিগত ৭ টা বছৰত বিজেপি চৰকাৰৰ নেতৃত্বত হোৱা বিভিন্ন উন্নয়নমূলক আঁচনি সন্দর্ভত বিতং ব্যাখ্যা দাঙি ধৰে । আনহাতে, সংবাদমাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, ৰাইজৰ মৰম-চেনেহ আৰু আশীৰ্বাদ নহ'লে পৰিষদ বিৰোধী শূন্য নহ'ল হেতেন । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি ডিফু-ধনশিৰি ২৬ কিলোমিটাৰ পথ এতিয়া নির্মাণ হৈ আছে বুলি দাবী কৰি অহা ৫ মাহৰ ভিতৰত এই পথ সম্পূর্ণ হ'ব বুলি ঘোষণা কৰে ৰংহাঙে ।
বিজেপি চৰকাৰে জলজীৱন মিচন, বিপিএল কার্ড, অৰুণোদয়, পিএমএৱাই, আয়ুষ্মান কার্ড আদি আঁচনিৰ জৰিয়তে ৰাইজৰ জীৱিকা সূচল কৰি তুলিছে বুলিও ৰংহাঙে দাবী কৰে । উল্লেখ্য যে আজিৰ এই ৰেলীত বিভিন্ন দলৰ প্ৰায় ৭০০ লোকে বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি মুখ্য কার্যবাহী সদস্য ৰংহাঙে পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, অধ্যক্ষ, কাৰ্যবাহী সদস্যকে ধৰি প্ৰায় ৩০ হেজাৰ লোকে বিগত দুবছৰত বিজেপি দলত যোগদান কৰা বুলিও দাবী কৰে ।
লগতে পঢ়ক: তিনিদিনে সন্ধান নাই চিকিৎসক বিকাশ ৰঞ্জন দাসৰ, কি আছে আত্মহত্যা টোকাত ?