ETV Bharat / state

উৎকোচ লোৱা অৱস্থাত হাতে-লোটে আটক এজন বিজেপি নেতা - দুর্নীতি

শুকুৰবাৰে কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ প্ৰদানৰ বাবদ উৎকোচ লৈ হাতে-লোটে ধৰা পৰে এজন বিজেপি নেতা তথা হাওৰাঘাট গাঁও উন্নয়ন সমিতি চমুকৈ ভিডিচিৰ অধ্যক্ষ যীশু কেম্প্ৰাই ৷ এগৰাকী হিতাধিকাৰীৰ পৰা ধন সংগ্রহ কৰাৰ বাবে উপস্থিত হোৱাৰ সময়তে পৰিকল্পনা অনুসৰি ভিডিচিৰ অধ্যক্ষ যীশু কেম্প্ৰাইক জালত পেলায় দুর্নীতি বিৰোধী বিশেষ শাখাৰ এটা দলে ৷

BJP leader arrest
বিজেপি নেতা আটক
author img

By

Published : Nov 13, 2020, 9:22 PM IST

ডিফু,13 নৱেম্বৰ : কাৰ্বি আংলঙত শুকুৰবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ প্ৰদানৰ বাবদ উৎকোচ লৈ হাতে-লোটে ধৰা পৰে এজন বিজেপি নেতা ৷ জিলাখনৰ দুর্নীতি নিবাৰক শাখাৰ অভিযানত গ্রেপ্তাৰ হৈছে হাওৰাঘাট পৰিষদীয় সমষ্টিৰ অন্তর্গত বিজেপি দলৰ নেতা তথা হাওৰাঘাট গাঁও উন্নয়ন সমিতি চমুকৈ ভিডিচিৰ অধ্যক্ষ যীশু কেম্প্ৰাই ।

বিজেপি নেতা আটক

প্ৰাপ্ত তথ্য অনুসৰি, দৰিদ্র সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে কেন্দ্রীয় চৰকাৰে ৰূপায়ণ কৰা প্রধানমন্ত্রী আবাস যোজনা ৰূপায়নৰ নামত হিতাধিকাৰীৰ পৰা ভিডিচিৰ অধ্যক্ষগৰাকীয়ে ব্যাপক হাৰত উৎকোচ গ্রহণ কৰি অহাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈ আহিছিল । উক্ত আঁচনিৰ অধীনত আৱাস যোজনাৰ গৃহ লাভ কৰা এগৰাকী হিতাধিকাৰীৰ পৰাও সেইদৰে তেওঁ দহ হাজাৰ টকা দাবী কৰে ।

দাবী কৰা ধন প্রদান কৰাটো সম্ভৱপৰ নোহোৱাত ভুক্তভোগী হিতাধিকাৰীগৰাকীয়ে তিনিদিন পূর্বে কার্বি আংলং জিলা আৰক্ষীৰ কাষ চাপে ৷ হিতাধিকাৰীগৰাকীৰ অভিযোগৰ ভিত্তিতেই জিলা আৰক্ষীৰ দুর্নীতি বিৰোধী বিশেষ শাখাৰ এটা দলে ভিডিচিৰ অধ্যক্ষ গৰাকীক জালত পেলোৱাৰ পৰিকল্পনা কৰে ৷

পৰিকল্পনা অনুসৰি শুকুৰবাৰে বিয়লি ভাগত হিতাধিকাৰী গৰাকীয়ে হাওৰাঘাটৰ অসম গ্রামীণ বিকাশ বেংকৰ চামগুৰি শাখাৰ পৰা দাবী কৰা উৎকোচৰ ধন সংগ্রহ কৰাৰ বাবে উপস্থিত হোৱাৰ সময়তে আৰক্ষীয়ে ভিডিচিৰ অধ্যক্ষগৰাকীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । ইফালে, ভিডিচিৰ অধ্যক্ষ যীশু কেম্প্ৰাইৰ গ্রেপ্তাৰৰ ঘটনাই হাওৰাঘাট এলেকাত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

বিশেষকৈ চৰকাৰী আঁচনি ৰূপায়নৰ নামত সংঘটিত হোৱা দুর্নীতিত অধ্যক্ষগৰাকীৰ লগতে আন বহু শীর্ষস্থানীয় লোকো জড়িত থকাৰ সন্দেহ প্রকাশ কৰিছে সচেতন মহলে । এই সন্দর্ভত হাওৰাঘাট থানাত ইতিমধ্যে এক গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কৰিমগঞ্জত ভূ-মাফিয়াৰ দপদপনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.