ETV Bharat / state

ডিফুত বিজেপিলৈ আগমন ভিন্ন দলৰ দুই শতাধিক কৰ্মীৰ - bjp joining

কাৰ্বি আংলং জিলাত শুকুৰবাৰে কংগ্রেছ দলৰ কেইবাগৰাকী শীর্ষনেতাকে ধৰি বিভিন্ন দলৰ দুই শতাধিক লােকে বিজেপি দলত যােগদান কৰে । নির্বাচনৰ প্রাক মুহূর্তত বিজেপি দলৰ হাত শক্তিশালী কৰি বিজেপি দলত যােগদান কৰা সকলৰ ভিতৰত মূলতঃ কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্রাক্তন কার্যবাহী সদস্য সূৰ্য ৰংফাৰ, ভূপেন হাঞ্চু, প্রাক্তন পৰিষদীয় সদস্য ৰাম ৰতন নাহক, অগপ নেতা ধন ডেৰা, ধনছিং ৰংপি, প্রাক্তন ভিডিচি অধ্যক্ষ ক্রমে পীয়ুষ মজুমদাৰ, বৰছিং ইংতি, বােকাজানৰ জ্যেষ্ঠ কংগ্রেছ নেতা চন্দ্র কাথাৰ আদি ।

ডিফুত বিজেপিলৈ আগমন ভিন্ন দলৰ দুই শতাধিক কৰ্মীৰ

author img

By

Published : Mar 19, 2021, 7:16 PM IST

ডিফু,১৯ মার্চ: ৰাজ্যজুৰি নির্বাচনী প্রচাৰৰ কার্যসূচী চলি থকাৰ মাজতে কাৰ্বি আংলং জিলাত শুকুৰবাৰে কংগ্রেছ দলৰ কেইবাগৰাকী শীর্ষনেতাকে ধৰি বিভিন্ন দলৰ দুই শতাধিক লােকে বিজেপি দলত যােগদান কৰে । নির্বাচনৰ প্রাক মুহূর্তত বিজেপি দলৰ হাত শক্তিশালী কৰি বিজেপি দলত যােগদান কৰা সকলৰ ভিতৰত মূলতঃ কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্রাক্তন কার্যবাহী সদস্য সূৰ্য ৰংফাৰ, ভূপেন হাঞ্চু, প্রাক্তন পৰিষদীয় সদস্য ৰাম ৰতন নাহক, অগপ নেতা ধন ডেৰা, ধনছিং ৰংপি, প্রাক্তন ভিডিচি অধ্যক্ষ ক্রমে পীয়ুষ মজুমদাৰ, বৰছিং ইংতি, বােকাজানৰ জ্যেষ্ঠ কংগ্রেছ নেতা চন্দ্র কাথাৰ আদি ।

ডিফুত বিজেপিলৈ আগমন ভিন্ন দলৰ দুই শতাধিক কৰ্মীৰ
ডিফুত বিজেপিলৈ আগমন ভিন্ন দলৰ দুই শতাধিক কৰ্মীৰ

নতুনকৈ বিজেপি দলত যােগদান কৰা নেতা-কর্মীসকলক দলৰ মজিয়ালৈ আদৰণি জনােৱাৰ উদ্দেশ্যে জিলা বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হােৱা এক সভাত ভাষণ প্রদান কৰি কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপি চৰকাৰৰ কাম কাজত সন্তুষ্ট হােৱাৰ বাবেই আৰু বহুসংখ্যক লােকে এইবাৰ দলত যোগদান কৰিব বুলি আশা প্রকাশ কৰে । সভাখনত জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ, ডিফুৰ বিজেপি দলৰ প্রার্থী বিদ্যাছিং ইংলেঙকে ধৰি ভালেসংখ্যক দলীয় নেতা কর্মী উপস্থিত থাকে ।

সাংসদ হৰেণছিং বে সভাত ভাষণ প্রদান কৰি বিজেপি চৰকাৰে হাতত লােৱা জনকল্যাণমূলক আঁচনিসমূহ সম্পর্কে ব্যাখ্যা আগবঢ়ায় । বােকাজানৰ বিধায়ক ডাঃ নােমল মমিনে সভাখনত ভাষণ প্রদান কৰি সমষ্টিটোৰ জ্যেষ্ঠ কংগ্রেছ নেতাসকলৰ আগমনে বিজেপি দলৰ ভেঁটি অধিক শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰে । কংগ্রেছ দলৰ বােকাজানৰ প্রার্থী ৰতন ইংতিক কঠোৰ ভাষাৰে সমালােচনা কৰি বিধায়কগৰাকীয়ে পৰিষদীয় নির্বাচনত জয়লাভ কৰিবলৈ সক্ষম নােহােৱা ৰতন ইংতিৰ বাবে বোকাজানত বিজয় কোনাে কাৰণতে সম্ভৱ নহয় বুলি মন্তব্য কৰে ।

বিজেপি দলৰ তৰফৰ পৰা যােৱাটো নির্বাচনত পৰিষদলৈ তিনিটাকে পৰিষদীয় সমষ্টিৰ পৰা তিনিগৰাকী অ-জনজাতীয় প্রার্থী পৰিষদলৈ নির্বাচিত হৈছিল । তেতিয়াই ধনছিং ডেৰা নামৰ এজন লােকে কপিলী পৰিষদীয় সমষ্টিৰ প্রার্থী পৱন কুমাৰৰ প্রার্থিত্ব সন্দর্ভত বৈধতাৰ প্রশ্ন উত্থাপন কৰি এক গােচৰ ৰুজু কৰিছিল । কিন্তু ডেৰাই আনুষ্ঠানিকভাবে বিজেপি দলত যােগদান কৰাৰ পিছতে কপিলীৰ পৰিষদীয় সদস্য পবন কুমাৰৰ সৈতে এক সংবাদমেলৰ আয়ােজন কৰি পৱন কুমাৰৰ বিৰুদ্ধে ৰুজু কৰা গােচৰ প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লােৱা বুলি সদৰি কৰে । অবশ্যে, আন দুগৰাকী অ-জনজাতীয় পৰিষদীয় সদস্য ক্রমে মাধুর্য ঢেকীয়াল ফুকন আৰু মুকুট মহন্তৰ বিৰুদ্ধে একেই গােচৰ বর্তমানেও আদালতৰ বিচাৰাধীন অৱস্থাত আছে ।

লগতে পঢ়ক:ছাত্ৰ ছাত্ৰীৰে সৈতে লাহোৱালত ৰাহুল গান্ধীৰ মত বিনিময়

For All Latest Updates

TAGGED:

bjp joining
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.