ETV Bharat / state

ডিফুত বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - সৰ্বানন্দ সোনোৱাল

বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় চৰকাৰৰ অ'বিচিত অন্তৰ্ভূক্ত কৰাৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ প্ৰেৰণ কৰা হয় এখন স্মাৰক পত্ৰ ৷

DIPHU_BISHNUPRIYA MANHPURI MASABHA HOLD PROTEST DEMONSTRATION
ডিফুত বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
author img

By

Published : Nov 19, 2020, 8:03 PM IST

ডিফু, ১৯ নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় চৰকাৰৰ অ'বিচিত অন্তৰ্ভূক্ত কৰাৰ দাবীত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ ডিফু আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বংকিম সিনহা,সভাপতি অশ্বিনী সিনহা,সদৌ বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সন্থাৰ সভাপতি জন সিনহা,সম্পাদক প্ৰিয়তম সিনহা ৷

উল্লেখ্য যে,অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ কেন্দ্ৰীয় সভাপতি অনিল সিংহ গৌতমে মন্তব্য কৰে যে,কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যদি এখোজ আগুৱাই আহি এই বিশেষ সম্প্ৰদায়ৰ উক্ত দাবী মানি লোৱাৰ আশ্বাস প্ৰদান কৰে,তেতিয়া ভৱিষ্যতে এই সম্প্ৰদায়ে যৌথ বিজেপি চৰকাৰক সমৰ্থন দিয়াৰ বাবে বাধ্য থাকিব ৷ উক্ত দাবীৰ প্ৰতি চৰকাৰে সমৰ্থন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ আনহাতে উক্ত দাবীলৈ আজি ডিফুৰ লগতে বোকাজান,নগাওঁ, তিনিচুকীয়া,যোৰহাট,কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি অনিল বাবুৱে জানিবলৈ দিয়ে ৷ ধৰ্মঘটৰ অন্তত কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয় ৷

অন্য এক খবৰৰ বাবে: কামাখ্যা মন্দিৰৰ সোণৰ চূড়া দৰ্শনাৰ্থীৰ বাবে মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.