ডিফু,৩ মাৰ্চ: কাৰ্বি যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মিঃ কেৱাইএফ ২০২১ৰ বিজয়ী সকলৰ মাজত মঙলবাৰে আনুষ্ঠানিক ভাৱে বঁটা সমূহ প্ৰদান কৰা হয় ৷ ডিফু চহৰৰ মাজ মজিয়াৰ ৰুফ টপ ৰেষ্টুৰেণ্টত অনুষ্ঠিত কৰা হয় বঁটা প্ৰদান অনুষ্ঠান ৷ ২০১৯ চনৰ পৰা কেৱাইএফৰ লগত সংগতি ৰাখি একেৰাহে তিনিবছৰ ধৰি মিঃ কেৱাইএফ প্ৰতিযোগিতা আয়োজন কৰি আহিছে ইউনাইটেড কাৰ্বি ইয়ুথ এছ'চিয়েচন চমুকৈ ইউকেৱাইএই ৷
![মিঃ কেৱাইএফ ২০২১ৰ বিজয়ী সকলৰ মাজত বঁটা প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu332021mrkyfawarddistribution_03032021164402_0303f_1614770042_159.jpg)
একেদৰে ২০২১ বৰ্ষৰ ৪৭ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অনুষ্ঠিত কৰা মিঃ কেৱাইএফ প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ লাভ কৰে বলৰাম ৰংপিয়ে, দ্বিতীয় পুৰষ্কাৰ লাভ কৰে বিজয় তিমুং আৰু তৃতীয় পুৰষ্কাৰ লাভ কৰে ৰাহুল বৰদলৈ ৷ আনহাতে ২০২০ বৰ্ষৰ মিঃ কেৱাইএফৰ মুখবধি প্ৰতিযোগী সুন্দৰ ছিংনাৰৰ অকাল মৃত্যুৰ বাবে আয়োজক সকলে ৭ নম্বৰ প্ৰতিযোগীৰ বঁটা সুন্দৰৰ নামত উচ্ছৰ্গা কৰিছে ৷
লগতে পঢ়ক: চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল জনপ্ৰতিনিধি