ETV Bharat / state

NRC Base Year: ভিত্তিবৰ্ষ ১৯৫১ৰ সপক্ষে ৰায় প্ৰদান নকৰিলে আন্তৰ্জাতিক আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ - বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ

সৰ্বোচ্চ ন্যায়ালয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ৰ সপক্ষে ৰায়দান নকৰিলে আন্তৰ্জাতিক আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ মতিউৰ ৰহমানৰ (NRC Base Year) ৷ শনিবাৰে ডিফুত আয়োজিত এক সংবাদমেলত সন্মিলিত মহাসংঘ অসমৰ সভাপতিগৰাকীয়ে এনেদৰে মন্তব্য কৰে ।

ASM president Motiur Rahman react on NRC Base Year in Diphu Press Meet
ভিত্তিবৰ্ষ ১৯৫১ৰ সপক্ষে ৰায় নকৰিলে আন্তৰ্জাতিক আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ মতিউৰ ৰহমানৰ
author img

By

Published : Nov 19, 2022, 10:43 PM IST

ডিফু, ১৯ নৱেম্বৰ: উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ নকৰিলে (NRC Base Year) আন্তৰ্জাতিক আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ সন্মিলিত মহাসংঘ অসমৰ সভাপতি মতিউৰ ৰহমানৰ ।আজি ডিফু ৰংথিয়াংস্থিত কে এছ এৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত মহাসংঘৰ সভাপতিগৰাকীয়ে এনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে (Assam Sanmilita Mahasangha)।

কে এছ এ, এইচ টি এল, কে এন এ, কে এছ ৱাই চি, ডি এছ ইউ আৰু কে এছ অ ' এ যৌথভাৱে আয়োজন কৰা সংবাদমেলত উল্লেখিত সংগঠনসমূহৰ নেতৃবৰ্গই বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ ১৯৫১চনৰ সপক্ষে সন্মিলিত মহাসংঘ অসমে উচ্চতম ন্যায়ালয়ত কৰা গোচৰৰ সমৰ্থন কৰি খিলঞ্জীয়া লোকৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে মহামান্য সৰ্বোচ্চ ন্যায়ালায়ক বিদেশী চিনাক্তকৰণৰ বাবে ১৯৫১ চনৰ সপক্ষে ৰায়দান কৰিবলৈ দাবী কৰে ।

সংবাদমেলৰ অন্তত সাংবাদিকৰ আগত সন্মিলিত মহাসংঘ অসমৰ সভাপতি মতিউৰ ৰহমানে কয় যে, অসমৰ ১০০ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সন্মিলিত মহাসংঘৰ সৈতে আছে । বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চনৰ সপক্ষে ৰায়দান কৰিবলৈ মহাসংঘই উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত গোচৰ তৰিছে । অহা ১৩ ডিচেম্বৰত এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত চতুৰ্থবাৰৰ বাবে শুনানি গ্ৰহণ কৰা হ’ব । উচ্চতম ন্যায়ালয়ে মহাসংঘৰ আবেদনৰ সপক্ষে ৰায়দান হ’ব বুলি আশা কৰিছে মহাসংঘৰ সভাপতিগৰাকীয়ে (ASM president Motiur Rahman) ।

ভিত্তিবৰ্ষ ১৯৫১ৰ সপক্ষে ৰায় নকৰিলে আন্তৰ্জাতিক আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ মতিউৰ ৰহমানৰ

তেওঁ লগতে কয় যে যদিহে সৰ্বোচ্চ ন্যায়ালয়ে সংবিধান আৰু ৰাষ্ট্ৰসংঘৰ নীতিৰ অৱমাননা কৰি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চনৰ বিপক্ষে ৰায়দান দিয়ে তেনেহ’লে সন্মিলিত মহাসংঘই আন্তৰ্জাতিক ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব । আন্তৰ্জাতিক পৰ্যায়ত যাতে বিষয়টো চৰ্চাৰ বিষয় হৈ নপৰে তাৰ উপৰত গুৰুত্ব আৰোপ কৰি মহামান্য সৰ্বোচ্চ ন্যায়ালয়ক খিলঞ্জীয়াৰ অধিকাৰৰ সপক্ষে ৰায়দান কৰিবলৈ আহ্বান জনায় ।

মতিউৰ ৰহমানে যুক্তি প্ৰদৰ্শন কৰি কয় যে, আন্তঃৰাষ্ট্ৰীয় নীতিৰ আধাৰত খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ হ’ব লাগে । ৰাষ্ট্ৰসংঘই দায়িত্ব অৰ্পণ কৰা মাৰ্টিন স্কোভয়ে খিলঞ্জীয়া সন্দৰ্ভত ৰাষ্ট্ৰসংঘত যি প্ৰতিবেদন দাখিল কৰিছিল তাক ৰাষ্ট্ৰসংঘ তথা পৃথিৱীৰ দেশসমূহে মান্যতা প্ৰদান কৰিছিল ৷ তেনে পৰিপ্ৰেক্ষিতত খিলঞ্জীয়াৰ সন্দৰ্ভত বাদানুবাদ হ’ব নালাগে ।

লগতে তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ অধিকাৰ চনদত পৃথিৱীৰ ১৪৩ দেশে স্বাক্ষৰ কৰিছিল তাত ভাৰতেও কৰিছিল । সংবিধানৰ অনুচ্ছেদ ৬ আৰু দফা ২ অনুসৰি ১৯৪৮ চনৰ ১৯ জুলাই স্বদেশী আৰু বিদেশী চিনাক্তকৰণ হ’ব লাগে ৷ যিহেতু ভাৰতত ১৯৫১ চনত লোকপিয়ল হৈছিল সেয়ে ১৯৫১ চন ভিত্তিবৰ্ষ হ’ব লাগে বুলি যুক্তি দৰ্শায় মতিউৰ ৰহমানে । নাম নধৰাকৈ একাংশ আন্দোলনকাৰীৰ মূৰ্খতাৰ বাবে সমগ্ৰ ভাৰতত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন আছে যদিও অসমত ভিত্তি বৰ্ষকলৈ বাদনুবাদ হৈছে বুলি কটাক্ষ কৰে ।

লগতে পঢ়ক: B Borooah College Students Protest : প্ৰতিবাদত উত্তাল গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.