ডিফু, ১৯ আগষ্টঃ বিভিন্ন দুষ্প্ৰাপ্য প্ৰজাতিৰ আৱাসস্থলী হিচাপে পৰিচিত কাৰ্বি আংলং জিলাৰ ডকমকাত এটা দুষ্প্ৰাপ্য এছিয়ান ক'লা প্ৰজাতিৰ ভালুক পোৱালী উদ্ধাৰ হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ডকমকাৰ চিংথুৰ ৰংহাঙ গাঁৱৰ নিৱাসী বিদ্যা টেৰণ নামৰ কৃষকজনে ঝুমতলিত প্ৰায় এবছৰমান বয়সৰ এটা এছিয়ান ক'লা ভালুকৰ পোৱালীটো উদ্ধাৰ কৰে ৷
বনবিভাগৰ চেণ্ট্ৰেল ৰেঞ্জৰ ভাৰপ্ৰাপ্ত এচিএফ প্ৰণৱ টেৰাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, বৃহস্পতিবাৰে পুৱাৰ ভাগত বিদ্যা টেৰণে ভালুকৰ পোৱালীটো লৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাংলোত উপস্থিত হৈছিল ৷ তাৰপাছত হে বনবিভাগে ভালুকৰ পোৱালীটো উদ্ধাৰ কৰি নিজৰ জিম্মালৈ আনে ৷
লগতে পঢ়কঃ গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ
ইপিনে বৃহস্পতিবাৰে জিলা বনবিভাগৰ চেণ্ট্ৰেল ৰেঞ্জৰ কাৰ্যালয়ত প্ৰথমতে ভালুকৰ পোৱালীটো চোৱা-চিতা কৰা হয় ৷ তাৰ পাচতে ডিফুৰ সমীপৱৰ্তী ৰিক্ৰিয়শ্যন পাৰ্কত প্ৰাকৃতিক পৰিৱেশৰ মাজত ভালুকৰ পোৱালীটো সাময়িক ভাবে ৰখা হৈছে বুলি জানিব পৰা গৈছে৷ আনহাতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ডকমকাৰ কৃষক গৰাকীয়ে দেখোওৱা সজাগতাৰ বাবে প্ৰকৃতিপ্ৰেমী সকলে কৃষক গৰাকীৰ শলাগ লয় ৷
লগতে পঢ়কঃ কৃষকৰ সমস্যা সমাধানৰ দাবীত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ