ETV Bharat / state

স্বায়ত্ত শাসিত ৰাজ্য সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এটা শব্দও উচ্ছাৰণ নকৰাত ক্ষুব্ধ এএছডিচি

বিজেপিৰ শীৰ্ষ নেতৃত্বই বিভিন্ন নিৰ্বাচনী সভাত তিনি পাৰ্বত্য জিলাক সামৰি স্বায়ত্ত শাসিত ৰাজ্য প্ৰদানৰ আশ্বাস প্ৰদান কৰিছিল ৷ 28 এপ্ৰিলত কাৰ্বি আংলং ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিলাখনৰ দীৰ্ঘদিনীয়া দাবী ২৪৪(ক)ৰ ওপৰত এটা শব্দও উচ্চাৰণ নকৰাত আক্ষেপ প্ৰকাশ কৰিছে বিৰোধী আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে (Autonomous State Demand Committee) ৷

Autonomous State Demand
স্বায়ত্ত ৰাজ্যক লৈ প্ৰধানমন্ত্ৰীয়ে এটা শব্দও উচ্ছাৰন নকৰাত ক্ষোভ
author img

By

Published : May 3, 2022, 9:03 PM IST

ডিফু, ২ মে': যোৱা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্বি আংলং জিলাৰ লৰিনথেপীৰ শান্তি, ঐক্য আৰু বিকাশৰ বৃহৎ ৰেলীত অংশ গ্ৰহণ কৰাৰ পাছত জিলাখনৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে ডিফুত সংবাদমেল আয়োজন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে আক্ষেপ কৰি কয় যে, পূৰ্বতে বিজেপিৰ শীৰ্ষ নেতৃত্বই বিভিন্ন নিৰ্বাচনী সভাত তিনি পাৰ্বত্য জিলাক সামৰি স্বায়ত্ত ৰাজ্য প্ৰদান কৰিব বুলি ভুৱা আশ্বাস দি ক্ষমতাত অধিষ্ঠিত হৈছিল ৷ কিন্তু ক্ষমতা পোৱাৰ পিছত নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰি পাহাৰীয়া জিলাকেইখনৰ জনসাধাৰণৰ স্বায়ত্ত ৰাজ্যৰ দীৰ্ঘদিনীয়া আকাংক্ষাকলৈ চৰম প্ৰতাৰণা কৰিলে বুলি কয় নেতাগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিলাখনৰ দীৰ্ঘদিনীয়া দাবী ২৪৪(ক)ৰ ওপৰত এটা শব্দও উচ্চাৰণ নকৰাত আক্ষেপ কৰাৰ লগতে স্বায়ত্ত ৰাজ্যৰ আশা(Demand for Autonomous state ) বুকুত লৈ মোদীৰ জনসভালৈ যোৱা সাধাৰণ ৰাইজে ভগ্ন হৃদয়েৰে ঘৰমুৱা হ’বলগীয়া হ'ল ৷ জনসভাৰ পূৰ্বে এএছডিচিয়ে(Autonomous State Demand Committee) জিলাখনৰ দীৰ্ঘদিনীয়া স্বায়ত্ত ৰাজ্যৰ দাবী আৰু বিভিন্ন দাবীলৈ প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি উপায়ুক্ত আৰু পৰিষদৰ প্ৰধান সচিবৰ জৰিয়তে প্ৰধান মন্ত্ৰীৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিবলৈ সাক্ষাৎ বিচাৰিও সফল নোহোৱাত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙৰ তীব্ৰ ক্ষোভ উজাৰে (PM Modi's Karbi Anglong visit) ৷

স্বায়ত্ত ৰাজ্যক লৈ প্ৰধানমন্ত্ৰীয়ে এটা শব্দও উচ্ছাৰন নকৰাত ক্ষোভ

জিলাখনৰ প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ কৰি বিভিন্ন বিদ্যালয়ৰ আন্তঃগাঁথনি ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি, প্ৰাদেশীকৰণ, পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰৰ সু-সমাধান কৰাৰ দাবী জনাই পশু চিকিৎসা মহাবিদ্যালয়, কৃষি মহাবিদ্যালয় আৰু চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা নিৰ্মাণৰ পূৰ্বে পুতৌ লগা প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সমূহৰ আধাৰ মজবুত কৰাৰ আহ্বান জনায় ৷ কিয়নো নিম্ন মাধ্যমিকত গুৰুত্ব নিদিয়াকৈ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন অনৰ্থক বুলি মন্তব্য কৰে সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷

সংবাদমেলত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাং আৰু সাধাৰণ সম্পাদক জৎচন বে'কে প্ৰমুখ্য কৰি আন কেইবাগৰাকী শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ৷

লগতে পঢ়ক: 9 মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.