ETV Bharat / state

Government policy on Assam-Meghalaya border : চৰকাৰৰ দিয়া লোৱা নীতিৰ বিৰুদ্ধে ডিফুত এ এছডিচিৰ প্ৰতিবাদ - ASDC protest at Diphu

অসম-মেঘালয় সীমান্তৰ(Assam-Meghalaya border) এক বৃহৎ ভূখণ্ড মেঘালয়ে দখল কৰাৰ লগতে বিবাদিত অঞ্চল হিচাবে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ ৷ ইয়াকে লৈ বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল ডিফু ৷

Government policy on Assam-Meghalaya border
চৰকাৰৰ দিয়া লোৱা নীতিৰ বিৰুদ্ধে ডিফুত এ এছডিচিৰ প্ৰতিবাদ
author img

By

Published : Nov 4, 2022, 8:57 AM IST

ডিফু, 4 নৱেম্বৰ : অসম-মেঘালয়ৰ সীমা বিবাদ(Assam Meghalaya border conflict) মীমাংসাক লৈ কাৰ্বি আংলং জিলাত অব্যাহত আছে বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচী । পশ্চিম কাৰ্বি আংলং জিলাৰ অসম -মেঘালয় সীমান্তৰ এক বৃহৎ ভূখণ্ড মেঘালয়ে ক্ৰমাৎ কৌশলেৰে দখল কৰাৰ লগতে এয়া বিবাদিত অঞ্চল বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ ৷ এই লৈ ডিমা হাচাও আৰু কাৰ্বি আংলং- দুয়োখন পাৰ্বত্য জিলাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ইতিমধ্যে দুয়োখন চুবুৰীয়া ৰাজ্যৰ চৰকাৰে সমিতি গঠন কৰি এই বিতৰ্কিত অঞ্চলসমূহত জৰীপ চলাই আছে ।

শেহতীয়াকৈ এই জ্বলন্ত সমস্যাটোৰ শীঘ্ৰে সমাধানৰ দাবীৰে বৃহস্পতিবাৰে ডিফুত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আঞ্চলিক ৰাজনৈতিক দল এ এছডিচিৰ(Autonomous State Demand Committee) যুৱ সমিতিয়ে । চহৰখনৰ ছেমচন সিং ইংতি সোঁৱৰণী উদ্যানৰ সন্মুখত পুৱাৰে পৰা যুৱ সংগঠনটোৰ নেতৃত্বই উত্তল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। এই প্ৰতিবাদী কাৰ্যসূচীত বহুকেইটা জাতীয় দল সংগঠনে কৰিলে সহযোগ (ASDC protest at Diphu)।

চৰকাৰৰ দিয়া লোৱা নীতিৰ বিৰুদ্ধে ডিফুত এ এছডিচিৰ প্ৰতিবাদ

প্ৰতিবাদত অংশ গ্ৰহণ কৰা দল-সংগঠন সমূহৰ প্ৰতিনিধিৰ অভিযোগ, "অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ সকলো দল সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ উক্ত বিষয়টো সন্দৰ্ভত এক সঠিক সিদ্ধান্ত লোৱাৰ প্ৰতিশ্ৰুতি দিছিল । এতিয়া এই প্ৰতিশ্ৰুতি সম্পন্ন কৰাৰ বিপৰীতে চৰকাৰে block 1 আৰু block 2 নামেৰে পৰিচিত সীমান্ত অঞ্চলটোত জৰীপ চলায়েই সামৰিব বিচাৰিছে দ্বায়িত্ব" । চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদত অংশগ্ৰহণ কৰা বিভিন্ন দল সংগঠনৰ নেতৃত্বই মেঘালয়ক কাৰ্বি আংলঙৰ এক ইঞ্চি ভূমিও প্ৰদান কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ।

জাকাছৰ অধ্যক্ষ খৰসিং টেৰণে সংবাদ মাধ্যমৰ আগত কয় যে, অসম মেঘালয় সীমা বিবাদৰ নামত পশ্চিম কাৰ্বি আংলঙৰ এটা চেক্টৰ সাঙুৰি লোৱা হৈছে । Block 1 আৰু block 2 ৰূপে পৰিচিত এই বৃহৎ অঞ্চলৰ লগতে খান্দুলি, গ্ৰেচিয়া আদি স্থানসমূহকো বিবাদীত অঞ্চলৰূপে সাঙুৰি লৈ দিয়া লোৱা নীতিৰে বিবাদ মীমাংসাৰ বাবে জৰীপ চলাই আছে । আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ।

কাৰণ কাৰ্বি আংলং জিলা গঠন হোৱাৰ পৰা আমাৰ সীমা স্পষ্টভাবে নিৰ্ধাৰণ কৰা আছে । সেয়ে আমাৰ ভূমিক লৈ বিবাদৰ কোনো কথাই আহিব নোৱাৰে । আনহাতে চুবুৰীয়া মেঘালয় ৰাজ্য গঠন হওঁতে আমাৰ স্থানীয় নেতাসকলৰ লগতে জনসাধাৰণে মেঘালয়ৰ লগত চামিল নহৈ অসমৰ লগতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । এনে পৰিপেক্ষিতত কাৰ্বি আংলং জিলাৰ সীমা সুৰক্ষিত কৰাতো অসম চৰকাৰৰ দায়িত্ব হ’ব লাগে ।

জাকাছৰ অধ্যক্ষগৰাকীয়ে কংগ্ৰেছ ,বিজেপি, এ পি এইচ এল চি আদি ৰাজনৈতিক দলসমূহক এই বিষয়টোৰ সন্দৰ্ভত এটা মতত উপনিত হোৱাৰ বাবে জনালে আহ্বান৷ লগতে তেওঁ কলে, সকলো ৰাজনৈতিক দলে ৰাজনৈতিক স্বাৰ্থত কাৰ্বি আংলং ,পশ্চিম কাৰ্বি আংলং আৰু উত্তৰ কাছাৰক লৈ স্বায়ত্ব শাসিত ৰাজ্য বনোৱাৰ কথা কয় । কিন্তু ইয়াৰ পূৰ্বে সকলো ৰাজনৈতিক দলে মিলি আমাৰ ভূমি সুৰক্ষিত কৰক । ভূমি নহলে স্বায়ত্বশাসিত ৰাজ্য সম্ভৱ নহয় বুলি কটাক্ষ কৰিলে জাকাছৰ অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক : Piyush Hazarika got angry: পুলিচ আমাৰ মতে চলে ডিচিয়ে আমাৰ কথা শুনে; পীযুষ হাজৰিকাৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.