ETV Bharat / state

মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে ডিফুত প্ৰতিবাদ - কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত বৃহৎ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰুদ্ধে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত বৃহৎ প্ৰতিবাদ সাব্য়স্ত কৰে কেইবাটাও সংগঠনে ।

diphu protest
মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে ডিফুত প্ৰতিবাদ
author img

By

Published : Jan 28, 2021, 10:00 PM IST

ডিফু , ২৮ জানুৱাৰী : অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰুদ্ধে অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্য়াহত আছে । কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুটো বুধবাৰৰ দিনটোত বৃহৎ প্ৰতিবাদ সাব্য়স্ত কৰে কেইবাটাও সংগঠনে । ডিফুৰ ছেমছনছিং ইংতি স্মৃতি উদ্যানৰ সন্মুখত আয়োজিত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে স্বায়ত্ব শাসিত ৰাজ্য় দাবী সমিতি (এএছডিচি), কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি প্ৰগতিশীল নাৰী সন্থাই । প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ, কৃষকৰ ওপৰত জাপি দিয়া কৃষি আইন বাতিল , পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস আদি শ্ল’গান সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰি বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে প্ৰতিবাদকাৰীসকলে আলু-পিয়াজ ,গেছ চিলিণ্ডাৰ আদি প্ৰদৰ্শন কৰি মূল্য়বৃদ্ধি ৰোধ কৰিব নোৱাৰ চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে ডিফুত প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে অভিযোগ উত্থাপন কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ ভুৱা প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ আমোলত মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ’ণা সংক্ৰমণৰ সুযোগ লৈ জনতাক পণবন্দী কৰি এখনৰ পিছত আনখন জনবিৰোধী আইন ৰূপায়ণ কৰাৰ ফলশ্ৰুতিতে আজি দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক :গৌৰৱ গগৈৰ বৰ্ধিত জনপ্ৰিয়তাত হিংসা হৈছে হিমন্তবিশ্ব শৰ্মাৰঃ ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.