কাৰ্বি আংলং , ২১ জানুৱাৰী : গণৰাজ্য় দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । তাৰ মাজতে লাহৰিজানত অস্ত্ৰ-সস্ত্ৰসহ আৰক্ষীয়ে আটক কৰে দুজন যুৱকক । প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান অঞ্চলত আৰক্ষীয়ে অভিযান চলাই আটক কৰে যুৱক দুজনক ।
ধৃত দুই যুৱক ক্ৰমে ডিমাপুৰৰ ৰোহন প্ৰধান আৰু লাকি প্ৰধান । যুৱক দুজনৰ পৰা এটা 7.65 পিষ্টল দুই জাই সজীৱ গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত পিষ্টলটো বিক্ৰীৰ উদ্দেশ্যে লৈ অহা হৈছিল বুলি জানিবলৈ দিয়ে যুৱক দুজনে ।
লগতে পঢ়ক :কৰিমগঞ্জৰ চৰকাৰী ভূমিত ভূ-মাফিয়াৰ চকু