ETV Bharat / state

ডিফুত অস্ত্ৰসহ গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী

author img

By

Published : Jun 21, 2020, 7:51 PM IST

পুনৰ ডিফু আৰক্ষীৰ জালত পৰিছে তিনিজন চোৰাং চিকাৰী ৷ আৰক্ষী আৰু বন বিভাগৰ মূৰৰ কামোৰণি স্বৰূপ পলাতক তিনি চোৰাং চিকাৰীৰ গ্ৰেপ্তাৰৰ খবৰে স্বস্তিৰ নিশ্বাস পেলাইছে প্ৰশাসনক ৷

apprehanded three rhino pochers with arms at diphu karbi anglong assam etv bharat news
চোৰাং চিকাৰী

ডিফু,21 জুন: অৱশেষত আৰক্ষীৰ জালত পৰিল জনথাংসহ পলাতক তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰী ৷ আৰক্ষী আৰু বন বিভাগৰ মূৰৰ কামোৰণি স্বৰূপ পলাতক তিনি চোৰাং চিকাৰীৰ গ্ৰেপ্তাৰৰ খবৰে স্বস্তিৰ নিশ্বাস পেলাইছে ৷ ইতিমধ্যে পঞ্জীয়নভুক্ত ডলামৰা থানাৰ গোচৰ নং 4/2020, ডিফু থানাৰ 110/220 নং আৰু বকলিয়া থানাৰ 131/2020 নং গোচৰৰ ভিত্তিত তদন্ত চলাই কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰী কেইজনক ৷ ধৃত চিকাৰী কেইজন ক্ৰমে মণিপুৰৰ চুৰান্দপুৰ এলেকাৰ জনথাং ওৰফে থাগবই, মুৱামুৱান ওৰফে অভাৰ চাইজ আৰু নিংমিয়ানলুন ওৰফে লুলুন বুলি জানিব পৰা গৈছে ৷ অপৰাধী কেইজনে আৰক্ষীৰ আগত নিজৰ দোষ স্বীকাৰ কৰে ৷ উল্লেখ্য যে,পূৰ্বৰ পাঁচটাকৈ গঁড় হত্যাত জড়িত চিকাৰী কেইজনৰ পৰা আৰক্ষীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে এ কে 81 ৰাইফল ৷

বিগত 28 মে’ত দলদলী সংৰক্ষিত বনাঞ্চলত টহল দি ফুৰা বনৰক্ষীৰ এটা দলৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছিল মাং ওৰফে মাংবই পাইটে নামৰ চোৰাং চিকাৰীগৰাকী ৷ পৰৱৰ্তী সময়ত পুনৰ দুই জুনত সেনা-আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হৈছিল চাৰিজনকৈ চোৰাং চিকাৰী ৷ ঘটনা সন্দৰ্ভত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কয়,এই অভিযানত আৰক্ষীক সহায় কৰে স্থানীয় গাওঁৰক্ষী বাহিনীয়ে ৷

অস্ত্ৰসহ গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী

তদুপৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰে পাৰ হৈ কাৰ্বি আলঙত প্ৰৱেশ কৰা চিকাৰীৰ দলটোৱে ব্যৱহাৰ কৰা বাহনত চেম্বাৰ তৈয়াৰ কৰি অত্যাধুনিক মাৰণাস্ত্ৰসমূহ আৰক্ষীৰ চকুত ধুলি মাৰি অসমলৈ আনে ৷ চলিত মাহত অস্ত্ৰ-শস্ত্ৰসহ সাতজনকৈ চোৰাং চিকাৰী আৰক্ষীৰ জালত পৰে ৷ লগতে শীঘ্ৰে চোৰাং চিকাৰীকেইটাৰ জালৰ পৰা গঁড়ৰ খড়্গ উদ্ধাৰ কৰাৰ আশা প্ৰকাশ কৰে আৰক্ষীয়ে ৷

লগতে চাওকঃ বাক্সাৰ বগাজুলিৰ সোনালীপাৰা গাঁৱত খোৱা পানীৰ বাবে ৰাইজৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.