ডিফু, ১২ আগষ্ট: কাৰ্বি আংলং জিলাৰ অন্যতম ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্চ চমুকৈ এপিএইছএলিচি মুখপাত্ৰ আংতং ইংতি কথাৰক শুকুৰবাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়(APHLC Spokesperson Angtong Engti Kathar) ৷ কাৰাগাৰৰ পৰা নেতাগৰাকী মুকলি আকাশৰ তললৈ অহাৰ পাছত ডিফুত এপিএইছএলচিৰ প্ৰায় সহস্ৰাধিক সমৰ্থকে তেওঁক বৈপ্লৱিক উল্লাসেৰে অভিনন্দন জ্ঞাপন কৰে ৷ আনহাতে নেতাগৰাকী কাৰাগাৰৰ পৰা মুকলি হোৱাৰ খবৰ লাভ কৰাৰ পাছতেই তেওঁৰ হেজাৰ হেজাৰ গুণমুগ্ধ আৰু দলীয় সমৰ্থক ডিফুৰ ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানত সমবেত হয় ৷
কথাৰৰ সমৰ্থকসকলে হাতে হাতে দলীয় পতাকালৈ নেতাগৰাকীক কাৰ্বি পহ'ৰে অভিনন্দন জ্ঞাপন কৰে ৷ তেওঁলোকে লগতে এপিএইছএলচি জিন্দাবাদ, আংতং ইংতি কথাৰ লং লীভ, বিজেপি গ'বেক, তুলিৰাম ৰংহাং গ' বেক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহি এপিএইছএলচিৰ নেতা আংতং ইংতি কথাৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে, বিজেপি চৰকাৰে জিলাখনৰ ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত সুবিধাসমূহ ধ্বংস কৰিব বিচাৰিছে ৷ এপিএইছএলচিয়ে ষষ্ঠ অনুসূচী বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে আন্দোলন চলাই নিব বুলি সংকল্পবদ্ধ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷

আংতং ইংতি কথাৰে লগতে কয় যে, ভাৰতীয় সংবিধান অনুসৰি ষষ্ঠ অনুসূচী এলেকাভুক্ত কাৰ্বি আংলঙত অজনজাতিসকলৰ ভোটাধিকাৰ নিদিয়া আৰু কাৰ্বি পৰিষদীয় নিৰ্বাচনত অজনজাতিসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিৰোধিতা কৰাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে(KAAC CEM Tuliram Ronghang) সেইবোৰ অমান্য কৰি অজনজাতিৰ ভোটাৰেৰে নিৰ্বাচন অনুষ্ঠিত কৰিলে আৰু অজনজাতি সদস্যক ই এম পাতিলে ৷

আনহাতে এপিএইছএলচিৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ষষ্ঠ অনুসূচীৰ আইন অনুসৰি পৰিষদৰ নতুন আইন বিধি তৈয়াৰ কৰিব লাগে বুলি নিৰ্দেশ দিয়াৰ পিছতো কিন্তু পৰিষদে সেয়া নকৰি আদালত অৱমাননা কৰা বুলি কথাৰে অভিযোগ কৰে ৷ তেওঁ লগতে তেওঁৰ হাতত ধন সম্পত্তি নাই যদিও আন্দোলন কৰাৰ শক্তি আছে বুলি হুংকাৰ দিয়ে ৷
লগতে পঢ়ক : APHLC ৰ মুখপাত্ৰ আংতং ইংতি কথাৰক গ্ৰেপ্তাৰ