ETV Bharat / state

তুলিৰাম ৰংহাঙ আৰু মঙলছিং তিমুঙে ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি : APHLC

author img

By

Published : May 26, 2022, 1:24 PM IST

সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KKAC election 2022) ৷ এই নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়ত তুলিৰাম ৰংহাঙ আৰু মঙলছিং তিমুঙে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বুধবাৰে সংবাদমেল যোগে এই কথা সদৰি কৰিছে অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এপিএইচএলচিয়ে ৷

তুলিৰাম ৰংহাঙ আৰু মঙলছিং তিমুঙে ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি : APHLC
তুলিৰাম ৰংহাঙ আৰু মঙলছিং তিমুঙে ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি : APHLC

ডিফু, 26 মে’ : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KAAC election 2022)ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এপিএইচএলচিয়ে । বুধবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা এই সংবাদমেলত উপস্থিত থাকে দলটোৰ সভাপতি জন ইংতি কাথাৰ আৰু মুখপাত্ৰ আংতং ইংতি কাথাৰ ।

নিৰ্বাচন আয়োগে উল্লেখ কৰা অনুসৰি, নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিলৰ সময়ত অনা প্ৰাৰ্থীক বাহন অবিহনে তথা পাঁচজন লোকক লগত লৈ মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল ৷ কিন্তু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং (KAAC Chief Tuliram Ranghang) আৰু কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে এই বিধি ভংগ কৰি বাহনসহ প্ৰৱেশ কৰাৰ লগতে অধিক লোকক লগত লৈ মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰৱেশ কৰে ৷ এক সংবাদমেলৰ জৰিয়তে এই অভিযোগ তৰিছে এপিএইচএলচিয়ে ।

এনে কাৰ্যৰ দ্বাৰা দুয়োগৰাকী সদস্যই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ লগতে এই ক্ষেত্ৰত ন্যায় প্ৰদানৰ বাবে দলটোৱে ‌দাবী জনায় । আনহাতে, তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি বিথুং ৰেংথামাত অন্য দলৰ সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুণ্ডা বাহিনীয়ে বাধাৰ সৃষ্টি কৰি অহা বুলিও অভিযোগ উত্থাপন কৰে এপিএইচএলচিয়ে ৷ সেয়ে পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত আইনৰ সহায় লোৱা হ'ব বুলিও মন্তব্য কৰে এপিএইচএলচিয়ে ।

লগতে পঢ়ক : KAAC Election 2022: প্ৰতিটো পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে

ইফালে, অসম পঞ্চায়ত আইনৰ অধীনত গঠিত হোৱা নিৰ্বাচনী আয়োগে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো অবৈধ বুলি দাবী কৰে ৷ এই সন্দৰ্ভত দলটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্ত হোৱাৰ লগতে ৰাজহুৱা স্বাৰ্থজনিত আবেদন শুনানি প্ৰক্ৰিয়া চলি থকা অৱস্থাতে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা কাৰ্যক দলটোৱে ক্ষোভ প্ৰকাশ কৰে ।

আগন্তুক সময়ত নিৰ্বাচনত দলটোৱে জয় লাভ কৰিলে কাৰ্বি আংলঙৰ ভোটাৰ তালিকাৰ পৰা অ-জনজাতীয় লোকৰ নাম কৰ্তন কৰাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰে এপিএইচএলচিৰ সদস্যসকলে । লগতে স্বায়ত্ব শাসিত পৰিষদৰ এলেকাত কেৱল জনজাতীয়সকলৰহে অধিকাৰ থকা বুলি সংবাদমেলযোগে উল্লেখ কৰে দলটোৰ কৰ্মীসকলে ৷

আনহাতে, যোৱা চাৰি ছেপ্তেম্বৰত নতুন দিল্লীত জিলাখনৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ জৰিয়তে পৰিষদৰ ক্ষমতা হ্ৰাস পোৱা বুলিও অভিযোগ উত্থাপিত কৰিছে এপিএইচএলচি দলটোৱে ৷

লগতে পঢ়ক : KAAC Election 2022: 26 টা সমষ্টিত 164 খন মনোনয়ন দাখিল ভিন্ন দলৰ প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.