ETV Bharat / state

বিজেপি নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা- বিজেপি জনজাতি মৰ্চাক প্ৰত্যুত্তৰ এপিএইছএলচিৰ

author img

By

Published : Feb 20, 2022, 11:39 AM IST

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কাৰ্বি আংলঙত তুংগত উঠিছে বিজেপি আৰু এপিএইছএলচিৰ সংঘাত ৷ ২১ ফেব্ৰুৱাৰীত জিলাখনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বিজেপি জনজাতি মৰ্চাই(Implementation of BJP ST Morcha Dharna Programme) ৷

APHLC challange bjp st morcha in Karbi Anglong
২১ ফেব্ৰুৱাৰীত বিজেপি জনজাতি মৰ্চাৰ ধৰ্ণা কাৰ্যসূচী

ডিফু,20 ফেব্ৰুৱাৰী : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বৃদ্ধি পাইছে শাসকীয় বিজেপি আৰু আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলচ লিডাৰচ কনফাৰেন্স চমুকৈ এপিএইচএলচিৰ মাজৰ সংঘাত ৷ এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে বিজেপি নেতৃত্বাধীন পৰিষদৰ নেতাসকলক বান্দৰৰ সৈতে তুলনা কৰাৰ অভিযোগত জিলাখনত বিজেপিৰ জনজাতি মৰ্চাই অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ ইয়াৰে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বিজেপিৰ কাৰ্বি আংলঙৰ জিলা জনজাতি মৰ্চাই ডিফু চহৰৰ মাজমজিয়াত জে আই কাথাৰৰ পুত্তলিকা দাহ কৰাৰ লগতে ডিফু থানাত এপিএইছএলচিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (BJP burnt effigy of APHLC president JI Kathar) ৷

উল্লেখ্য যে, বিজেপিৰ জনজাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক লংচিং টকবিয়ে কেইদিনমান পূৰ্বে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত সংবাদমেল আয়োজন কৰি এপিএইছএলচিৰ সভাপতি তথা প্ৰাক্তন আই এছ বিষয়া জে আই কাথাৰে বিজেপি দলৰ নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা (APHLC president compares BJP workers with monkey) কৰাৰ অভিযোগ কৰে ৷ লংচিং টকবী(BJP's Tribal Morcha Secretary Longsing Tokbi)য়ে কাথাৰৰ এই মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে গৰিহণা দিয়ে ৷

ইয়াৰে প্ৰত্যুত্তৰ এপিএইছএলচিৰ মুখপাত্ৰ আংতং ইংতিয়ে শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰি জে আই কাথাৰে পৰিষদৰ নেতৃবৃন্দক বান্দৰৰ সৈতে তুলনা কৰা নাছিল বৰঞ্চ তেওঁ এটা উদাহৰণ দিব বিচাৰিছিল বুলি স্পষ্ট কৰি দিয়ে ৷ বিজেপি দলে জিলাখনৰ মূল জলন্ত সমস্যাসমূহ এৰাই চলাৰ বাবেহে এনে টুলুঙা অভিযোগ অনাৰ দাবী কৰে ইংতিয়ে ৷ তেওং লগতে সংবাদমেলত বিজেপিৰ জনজাতি মৰ্চাই এই অভিযোগৰ বিৰুদ্ধে ২১ ফেব্ৰুৱাৰীত ছেমচনচিং ইংতি মেম'ৰিয়েল পাৰ্ক সন্মূখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা জানিবলৈ দিয়ে(APHLC president compares BJP workers with monkey) ৷

বিজেপি নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা

ইংতিয়ে সদৰি কৰা অনুসৰি, এই ধৰ্ণা কাৰ্যসূচীত সুকীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰিষদ বিফল হোৱা আৰু এই ক্ষেত্ৰত আদালতে প্ৰদান কৰা নিৰ্দেশ অমান্য কৰা ইচ্যুও অন্তৰ্ভূক্ত কৰা হ'ব ৷ ইফালে, জে আই কাথাৰৰ বাসগৃহ ঘেৰাও কৰা বুলি কৰা সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ইমতিয়ে কয় যে, বিজেপি জনজাতি মৰ্চাক আমি স্বাগতম জনাম আৰু কাৰবি পহ'ৰে আদৰণি জনাম ৷ তেওঁ লগতে বিজেপি জনজাতি মৰ্চাক আক্ৰমণৰ লক্ষ্য কৰি কয় যে, বিজেপি দলে তেওঁলোকৰ এই সংগঠনটোক জনজাতি মৰ্চাৰ নাম দিছে যদিও সংগঠনটোৱে জনজাতি সকলক সুৰক্ষা দিয়াৰ বিপৰীতে আন কামহে কৰা পৰিলক্ষিত হৈছে ৷

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, বিজেপি জনজাতি মৰ্চাই নিৰ্বাচনৰ পূৰ্বে পাহাৰৰ জনসাধাৰণৰ পৰা মূল সমস্যাসমূহ আঁতৰ কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ উপৰি ভোটাৰ তালিকাৰ পৰা অ-জনজাতীয় লোকৰ নাম কৰ্তন কৰাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে তেওঁলোকক সংৰক্ষণহে প্ৰদান কৰিব বিচাৰিছে ৷ আমাৰ কাৰ্যালয় আৰু সভাপতিৰ বাসগৃহ ঘেৰাও কৰিব আহিলে আমি তেওঁলোকক দেখুৱাম কিদৰে অজনজাতীয় ব্যৱসায়ীয়ে বৃহৎ বাসগৃহ সাজিছে আৰু জনজাতীয় লোকৰ ভূমিত কি দৰে বেদখল সাব্যস্ত হৈছে বুলি প্ৰত্যাহ্বান জনাম ৷

লগতে পঢ়ক : বিজেপি নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা : বিজেপি, এপিএইছএলচিৰ সংঘাত তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.