ETV Bharat / state

ডিফুৰ বকলীয়াঘাটত বিশাল প্ৰতিবাদী সমাৱেশ - পাতাল কন্যা জামাতিয়া

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি প্ৰতিবাদ সব্যস্ত ডিফুৰ বকলীয়াঘাটত ৷ প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ৷

ডিফুৰ বকলীয়াঘাটত বিশাল প্ৰতিবাদী সমা
ডিফুৰ বকলীয়াঘাটত বিশাল প্ৰতিবাদী সমা
author img

By

Published : Dec 23, 2019, 11:51 PM IST

ডিফু, 23 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডিফুৰ বকলীয়াঘাটত সাব্যস্ত কৰা হয় বিশাল প্ৰতিবাদ ৷ কাৰ্বি পাহাৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ৷

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ত্ৰিপুৰাৰ সংগ্ৰামী নেত্ৰী পাতাল কন্যা জামাতিয়া, নগালেণ্ডৰ পিয়ুচ ল'থাই, আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া, বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত, হাইদৰ হুছেইনসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৷

আলোচনাপন্থী আলফা নেতা গৰাকীয়ে এই কাৰ্যসূচীত নিজ বক্তৃতা দাঙি ধৰি স্পষ্টভাৱে অসম তথা ভাৰত চৰকাৰক এই সমন্বয়ৰ বাৰ্তাৰে CAAৰ নামানো বুলি উল্লেখ কৰে ৷ লগতে এই বজ্ৰধ্বনি সতেজ কৰি সমগ্ৰ অসমতে জীয়াই ৰাখি, এই আন্দোলনৰ ভেটি গঢ়ি তুলিব লাগিব বুলিও মন্তব্য কৰে ৷

ডিফুত বিশাল প্ৰতিবাদী সমাৱেশ

লগতে পঢক: গণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ ৰাজপথ

Intro:

# কাৰ্বি পাহাৰৰ বকলীয়াঘাটত 'কা' বাতিলৰ দাবীত দহ সহস্ৰাধিক বিশাল প্ৰতিবাদী সমাবেশ ৷৷

ডিফু :'নাগৰিকত্ব সংশোধনী আইন ২০১৯ এক ভয়াবহ আইন ৷ ভাৰতৰ সংবিধানক অপ্ৰাসংগিক কৰাৰ ই এক বহিঃৰ্প্ৰকাশ ' বুলি মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱি তথা সাংবাদিক হাইদৰ হুছেইনে ৷'কা' বিৰোধী প্ৰতিবাদক লৈ সমগ্ৰ ৰাজ্য জ্বলি থকাৰ সময়তে 'কা' বাতিলৰ দাবীত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দহ সহস্ৰাধিক জনতাই হিল-দ'ল ভাঙিসোমবাৰে উত্তাল কৰিলে কাৰ্বি পাহাৰৰ বকলীয়াঘাট ৷ সন্মিলিত সংগ্ৰামৰ পৰিষদ, অসমৰ উদ্যোগত অনুষ্ঠিত 'কা' বিৰোধী এক বিশাল গণ সমাবেশত অংশ লৈ অসমৰ সাহিত্যিক, বুদ্ধিজীৱি আৰু সংগ্ৰামী নেতৃত্বৰ লগতে 'কা' বাতিলৰ বাবে চৰকাৰক সকীয়ালে ত্ৰিপুৰাৰ সংগ্ৰামী নেত্ৰী পাতাল কন্যা জামাতিয়া আৰু নগালেণ্ডৰ পিয়ুচ ল'থাই ৷

সংগ্ৰাম পৰিষদৰ অন্যতম সমন্বয়ক হলিৰাম টেৰাঙৰ পৌৰহিত্যত অনুষ্ঠিত এই প্ৰতিবাদী সমাবেশত অংশ লয় বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত, আলফা নেতা অনুপ চেতিয়া, বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱি হাইদৰ হুছেইন, লাচিত বৰদলৈসহ অসমৰ কেবাজনো সংগ্ৰামী নেতৃত্বৰ লগতে ত্ৰিপুৰাৰ অন্যতম সংগ্ৰামী নেত্ৰী পাতাল কন্যা জামাতিয়া আৰু নগালেণ্ড ইণ্ডেজিনিয়াছ পিপুলচ ফ্ৰন্টৰ পিয়ুচ ল'থাসহ কেবাগৰাকী সংগ্ৰামী নেতৃত্ব ৷
'

ছাইদুল ইছলাম, ডিফু ৷৷Body:*****Conclusion:******-
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.