ETV Bharat / state

বোকাজান ৰে’ল ষ্টেচনত শিলৰ ছিণ্ডিকেটৰাজৰ অভিযোগ

author img

By

Published : Sep 1, 2022, 5:36 PM IST

এইবাৰ বোকাজানত শিলৰ ছিণ্ডিকেটৰ অভিযোগ (Stone Syndicate at Bokaja) ৷ ৰে’ল ষ্টেচনত অনুমতি নোহোৱাকৈ নিশাৰ ভাগত কোনোধৰণৰ ব্যৱসায়িক সামগ্ৰী লোড তথা আনলোড কৰিব নোৱাৰি । কিন্তু ৰে’ল ষ্টেচনৰ অনুমতি অবিহনে বোকাজানৰ ৰে’ল ষ্টেচনত অসাধু ব্যৱসায়ীয়ে শিলৰ ছিণ্ডিকেট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ক্ষেত্ৰত নিমাত ৰে’লৱে কৰ্তৃপক্ষ ৷

Stone Syndicate at Bokaja
বোকাজানত ৰে’ল ষ্টেচনত শিলৰ ছিণ্ডিকেটৰাজৰ অভিযোগ

ডিফু, 1 ছেপ্টেম্বৰ : এইবাৰ ৰাজ্যত চলিছে শিলৰ ছিণ্ডিকেট (Stone Syndicate in Assam) ৷ অভিযোগ মতে, নিশা বোকাজানত চলে শিলৰ ছিণ্ডিকেট ৷ ৰে’লৱেৰ চকুৰ সন্মুখতে কোনো অনুমতি নোহোৱাকৈ বাংলাদেশ পায়গৈ অসমৰ শিল বোকাজানৰ পৰা বাংলাদেশ ।

এইবাৰ বোকাজানত একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আছে শিলৰ ৰমৰমীয়া বেহা (Allegation against Stone syndicate at Bokajan) । এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ ৰে’লৱেৰ নিয়ম অনুসৰি নিশা ৰে’ল ষ্টেচনত অনুমতি নোহোৱাকৈ কোনোধৰণৰ ব্যৱসায়িক সামগ্ৰী লোড তথা আনলোড কৰিব নোৱাৰি ।

কিন্তু বোকাজানত পূৰ্বৰে পৰা কোনো অনুমতি নোহোৱাকৈ খোদ ষ্টেচন কৰ্তৃপক্ষৰ সহযোগত চলি আহিছে শিলৰ অবৈধ সৰবৰাহ । বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 1 বজাত 5 খনকৈ বুলডজাৰে শিল তুলি থকা দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত ৷ অভিযোগ মতে, চকু মুদা কুলিৰ ভাওত ৰে’ল আৰক্ষী তথা ষ্টেচন কৰ্তৃপক্ষ ।

সংবাদিকৰ তৎপৰতাত এই কথা দম পাই লগে লগে নিশা প্ৰায় 1 বজাত কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ষ্টেচন অধীক্ষকে । সাংবাদিকে কেনেকৈ নিশা কাম চলি আছে বুলি প্ৰশ্ন কৰাত ষ্টেচন অধীক্ষকগৰাকীয়ে একো নাজানো বুলি দায় সৰা মন্তব্যহে কৰে ৷ লগতে এই বিষয়ে পূৰ্বতে অৱগত নহয় বুলিও উল্লেখ কৰে তেওঁ ।

এতিয়া প্ৰশ্ন হয়, ষ্টেচন অধীক্ষকগৰাকীৰ অজ্ঞাতে কোনে কাক মেনেজ কৰি চলাই আহিছে এই শিলৰ বৃহৎ ছিণ্ডিকেটৰাজ ? সকলো জানিও নিমাত কিয় বোকাজান ৰে’লৱে আৰক্ষী তথা ষ্টেচন অধীক্ষক ।

লগতে পঢ়ক : গোৱালপাৰাত জলদস্যুৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.