ETV Bharat / state

ৰ'জী-চেমুৱেলৰ মৃত্যু সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ - ৰ'জী চাংমা আৰু চেমুৱেল চাংমা

বহিঃৰাজ্যত কাৰ্বি আংলঙৰ দুই ভাতৃ-ভগ্নী ৰ'জী চাংমা আৰু চেমুৱেল চাংমাৰ ৰহস্যজনক মৃত্যুৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দুয়ো ভাতৃ-ভগ্নীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই শুকুৰবাৰে বোকাজান মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

AJYCP SUBMITS MEMORANDUM TO PRIME MINISTER
কাৰ্বি আংলঙৰ ভাতৃ-ভগ্নীৰ মৃত্যু সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ
author img

By

Published : Jul 3, 2021, 7:38 PM IST

ডিফু, ৩ জুলাই: এতিয়াও কাৰ্বি আংলঙৰ ৰ'জী চাংমা আৰু চেমুৱেল চাংমাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই । দুই ভাতৃ-ভগ্নীৰ ন্যায়ৰ দাবী জনাইছে বিভিন্ন দল-সংগঠনে । শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই সন্দৰ্ভত বোকাজান মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । দিল্লীত উত্তৰ-পূৱৰ যুৱক-যুৱতীসকল প্ৰায়েই নিৰ্যাতনৰ বলি হোৱাৰ বহু ঘটনা বিগত সময়ত পোহৰলৈ আহিছে ।

শেহতীয়াকৈ ৰ'জী চাংমা আৰু চেমুৱেল চাংমাৰ মৃত্যুৰ ঘটনাই সকলোৰে মনত ক্ষোভৰ উদগীৰণ কৰিছে । উল্লেখ্য যে, দিল্লী বিমান বন্দৰত কৰ্মৰত ৰ'জী চাংমা নামৰ যুৱতীগৰাকী যোৱা ২৩ জুনৰ নিশা অসুস্থ হৈ পৰে । ইয়াৰ পাছতে ৰাজস্থানৰ এটা কল চেণ্টাৰত কৰ্মৰত ভাতৃ চেমুৱেল চাংমাই ৰ'জীক হাৰিয়ানাৰ গুৰুগ্ৰামৰ আলফা কেয়াৰ হেলথ চেণ্টাৰ নামৰ চিকিৎসালয়খনত ভৰ্তি কৰায় ৷ ৰ'জীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱা বাবে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হয় ।

AJYCP SUBMITS MEMORANDUM TO PRIME MINISTER
কাৰ্বি আংলঙৰ ভাতৃ-ভগ্নীৰ মৃত্যু সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ

কিন্তু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছ দিনা ৰ'জী সুস্থ হোৱাত ভাতৃ চেমুৱেল কিছু সময়ৰ বাবে বাহিৰলৈ ওলাই গৈছিল । উভতি আহি চেমুৱেলে ৰ'জীক আইচক্ৰীম খাই থকা প্ৰত্যক্ষ কৰে ।

লগে লগে আইচক্ৰীম খাবলৈ দিয়াক লৈ চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে চেমুৱেলৰ তৰ্কাতৰ্কি হয় আৰু চেমুৱেল মোবাইলেৰে সমগ্ৰ দৃশ্য ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰে । সেই সময়তে চিকিৎসালয়খনৰ চিকিৎসকে চেমুৱেলক প্ৰহাৰ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে । আইচক্ৰীম খোৱাৰ কিছু সময়ৰ পাছতে ৰ'জীৰ মুখেৰে ফেন ওলায় আৰু লগে লগে মৃত্যু হয় ৷

AJYCP SUBMITS MEMORANDUM TO CHIEF MINISTER

ইয়াৰ পিছদিনা হোটেলৰ কোঠাত চিপ লৈ থকা অৱস্থাত চেমুৱেলৰ মৃতদেহ উদ্ধাৰ হয় ৷ চেমুৱেলৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট আছিল । দুয়ো ভাতৃ-ভগ্নীক পৰিকল্পিতভাবে হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে গাৰো ছাত্ৰ সন্থাই ৷ এই ঘটনাক লৈ কাৰবি আংলং জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

এই ঘটনা সন্দৰ্ভত বোকাজানৰ বিধায়ক তথা অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ দুখন পত্ৰ লিখি বিষয়টো সন্দৰ্ভত সবিস্তাৰে অৱগত কৰে ৷ এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তেহে প্ৰকৃত সত্য পোহৰলৈ আহিব আৰু ইয়াৰ দ্বাৰা ভুক্তভোগীৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ বাবে তেওঁ অনুৰোধ জনায় ৷ আনহাতে, বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বোকাজান মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে ৷ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপত উচিত তদন্তৰ জৰিয়তে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় সংগঠটোৱে ।

লগতে পঢ়ক:নগাঁও আৰক্ষীক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.