ETV Bharat / state

জয়ন্ত বৰাৰ হত্যা কাণ্ডৰ বিৰুদ্ধে সৰৱ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ - প্ৰশাসন

জয়ন্ত বৰাৰ হত্যাৰ ঘটনাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৰিহণা ৷ নীৰিহ যুৱকক নিশা শোৱা পাটিৰ পৰা উঠাই আনি নিৰ্যাতন চলাই হত্যা কৰাৰ ঘটনাই ৰাজ্যখনৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি মন্তব্য কৰে সংগঠনটোৰ সদস্য সকলে । প্ৰশাসনক অতি শীঘ্ৰে উক্ত ঘটনাৰ সৈতে জড়িত লোকক উপযুক্ত শাস্তিৰ দাবী তুলিছে সংগঠনটোৰ সদস্য সকলে ৷

AJYCP Protest Against Jayanta Bora Merder Incident
জয়ন্ত বৰাৰ হত্যা কাণ্ডৰ বিৰুদ্ধে সৰৱ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
author img

By

Published : Jun 16, 2020, 6:57 PM IST

ডিফু,১৬ জুনঃ যোৰহাট জিলাৰ বৰহোলাৰ জয়ন্ত বৰাক সেনাৰ লোকে নিৰ্যাতন চলাই নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে । অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত সকলোকে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় জাতীয় সংগঠনটোৱে।

জয়ন্ত বৰাৰ হত্যা কাণ্ডৰ বিৰুদ্ধে সৰৱ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

বৰহোলাৰ জয়ন্ত বৰাৰ হত্যা কাণ্ডটোৰ বিৰুদ্ধে মঙলবাৰে দিনৰ দহ বজাত বকলীয়াঘাটস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত এক সংবাদমেলৰ সম্বোধন কৰে ৷ ছাত্ৰ সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতু ফুকন আৰু অপূৰ্ব দাসে উগ্ৰপন্থী বিচৰাৰ নামত এজন নিৰীহ যুৱকক নিশা শোৱা পাটিৰ পৰা উঠাই আনি নিৰ্যাতন চলাই হত্যা কৰাৰ ঘটনাই ৰাজ্যখনৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাটোকে প্ৰতীয়মান কৰে বুলি মন্তব্য কৰে । জয়ন্ত বৰাৰ হত্যাৰ ঘটনাই নব্বৈৰ দশকৰ সেনা সন্ত্ৰাসৰ ভয়াৱহ দিনবোৰৰ স্মৃতি সজীৱ কৰি তোলা বুলি মন্তব্য কৰে ৷ ৰাইজক সকলোধৰণৰ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰখনৰ আমোলত আজি গুপ্তহত্যা আৰু মুক্তহত্যা দুয়োটাই সুলভ হৈ পৰা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। আনহাতে, জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ তদন্ত যাতে ফাইলতে আবদ্ধ নাথাকে তাৰ প্ৰতি আহ্বান জনায় ৷ উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত সকলোকে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়।

ইফালে জয়ন্ত বৰাৰ মৃতদেহটো পৰিয়ালৰ লগতে ৰাইজ তথা বিভিন্ন দল সংগঠনে চমজি লোৱা নাছিল যদিও প্ৰশাসনে ইয়াৰ উচিত বিচাৰৰ আশ্বাস দিয়াত পৰিয়ালে জয়ন্ত বৰাৰ মৃতদেহটো চমজি লয় ৷

অসমত সম্প্ৰতি কাৰ্যকৰী হৈ থকা সামৰিক বাহিনীৰ বিশেষ সশস্ত্ৰ আইন বাতিল কৰাৰ বাবেও সংগঠনটোৱে দাবী জনায়। আনহাতে,জিলাখনৰ বিভিন্ন প্ৰান্তত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে স্থাপন কৰা টেক্স গেটসমূহত নিতৌ ব্যাপক পৰিমাণৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি সংগঠনটোৱে সংবাদমেলত টেক্স গেটসমূহত চৰকাৰে নিৰ্দ্দিষ্ট কৰি দিয়া পৰিমাণতকৈ কেইবাগুণে বেছি কৰ সংগ্ৰহ কৰি অহা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। পৰিষদৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে এনে দুৰ্নীতিৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও পৰিষদ কৰ্তৃপক্ষক কঠোৰ সমালোচনা কৰে। সংবাদমেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ উপ-সভাপতি মুকুন্দ বৰা আৰু সাধাৰণ সম্পাদক ঋতুৰাজ বৰুৱা উপস্থিত থাকে।

লগতে পঢ়ক- কোন সঁচা,কোন মিছা ? আৰক্ষী নে প্ৰশাসনিক বিষয়া !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.