ডিফু, ৭ আগষ্টঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে গঠন হ'ল কাৰ্বি আংলং অন লাইন নিউজ এছ'চিয়েছন ৷ মাঞ্জাৰ কামুল পৰিদৰ্শন বাংলাত ৰবিন বৰুৱাৰ পৌৰহিত্যত সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা সভাখনত জিলাখনৰ বিভিন্ন প্ৰান্তত ডিজিটেল প'ৰ্টেলত সেৱা আগবঢ়োৱা সাংবাদিক সকল উপস্থিত থাকে ৷
![গঠন হ'ল কাৰ্বি আংলং অনলাইন নিউজ এছ'চিয়েছনৰ তদৰ্থ সমিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu07082020adhoccommitteformationofkaonlinenewsasson_07082020164650_0708f_1596799010_973.jpg)
উক্ত সভাত বিভিন্ন সংবাদদাতাই পাহাৰীয়া জিলাখনত নিষ্ঠা আৰু সততাৰে সংবাদ পৰিবেশন কৰি অহাৰ পিছতো বিভিন্ন জনৰ কটুক্তিৰ সন্মূখীন হোৱাৰ কথা উল্লেখ কৰে ৷ কম সময়ৰ ভিতৰতে অসমৰ ৰাইজৰ বুকুৰ আপোন হৈ পৰা ৱেব পৰ্টেল সমূহৰ লগতে ইয়াৰ সাংবাদিক সকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সকলোৱে এই ক্ষেত্ৰত এখন ঐক্যবদ্ধ মঞ্চৰ পোষকতা কৰে ৷ দীৰ্ঘ আলোচনাৰ অন্তত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে "কাৰ্বি আংলং অনলাইন নিউজ এছ'চিয়েছন" নামাকৰণ কৰি এক ২১ জনীয়া তদৰ্থ সমিতি গঠন কৰে ৷ অতিশীঘ্ৰে ইয়াৰ পূৰ্ণাংগ সমিতি গঠন কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰোপৰি সন্থাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ এখন সমিতি গঠন কৰি দিয়া হয় ৷
![গঠন হ'ল কাৰ্বি আংলং অনলাইন নিউজ এছ'চিয়েছনৰ তদৰ্থ সমিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu07082020adhoccommitteformationofkaonlinenewsasson_07082020164650_0708f_1596799010_587.jpg)
শুকুৰবাৰে গঠন হোৱা কাৰ্বি আংলং অনলাইন নিউজ এছ'চিয়েনৰ তদৰ্থ সমিতিখন হৈছে-
- উপদেষ্টা- ৰবিন বৰুৱা, ছেমছিং ক্ৰ' আৰু কমল ৰংহাঙ
- সভাপতি-ভগীৰথ ডেকা
- উপসভাতি - জেমছ মিলিক, দিগন্ত টেৰণ, প্ৰদীপ ইংলেং আৰু স্বৰূপ লষ্কৰ
- সাধাৰণ সম্পাদক- দিগন্ত মহন্ত
- সহকাৰী সম্পাদক - ছাইদুল ইছলাম, ছামছিং ইংতি আৰু বিৰেণ গোৱালা
- প্ৰচাৰ সম্পাদক - সুৰজ গগৈ, বিভিয়ান লংকি ৰংপি
- সাংগঠনিক সম্পাদক- প্ৰাণদীপ চেতিয়া, ধনঞ্জয় নাথ আৰু নিৰ্মল ছেত্ৰী (ৰাজেশ)
- ক্ৰীড়া সম্পাদক- অজিত ঋষি আৰু ষ্টিভেন হাঞ্চে
লগতে পঢ়কঃ গুৰুতৰ ৰোগীক পৰ্যাপ্ত চিকিৎসা প্ৰদানৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ