ETV Bharat / state

ইন্ধন, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ - locdown

ইন্ধনজাত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ ৰাইজক । সেয়ে, মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা । কাৰ্বি আংলঙৰ বোকাজান আৰু হাওৰাঘাটত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মকৰ্তাই ।

AASU PROTEST AGAINST PRICE HIKE AT HOWRAGHAT
হাওৰাঘাট আৰু বোকাজানত আছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী
author img

By

Published : Aug 27, 2021, 12:24 PM IST

ডিফু, ২৭ আগষ্ট: কৰ'ণা মহামাৰীৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত বহু লোকৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে । পৰিয়াল পোহপাল দিব নোৱাৰি হাহাকাৰ কৰিছে বহু লোকে । এনে সময়তে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে পুনৰ সমস্যাত পেলাইছে ৰাজ্যবাসীক । চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি ইতিমধ্যে বিৰোধী দল আৰু জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাতো সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । হাওৰাঘাট আৰু পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাই যুটীয়াভাৱে হাওৰাঘাট মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । আনহাতে, বোকাজান আৰু সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাই সন্মিলিতভাৱে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত দিনৰ ১২ বজাৰ পৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

'মূল্যবৃদ্ধি ৰোধ কৰক', 'যোগান বিভাগৰ কাম নাই', 'যোগান বিভাগ হায় হায়' আদি বিভিন্ন শ্ল'গান সম্বলিত প্লে'-কাৰ্ড হাতে হাতে লৈ বিক্ষোভ প্ৰদৰ্শন কৰে সংগঠনটোৰ সদস্যসকলে ।

হাওৰাঘাটত প্ৰতিবাদকাৰীসকলে যোগান বিভাগৰ প্ৰতীকি প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে । উল্লেখ্য যে, ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা মূল্যবৃদ্ধি ৰোধৰ দাবী জনাই বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই । মহামাৰীৰ সংকট আৰু মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতাই দুৰ্ভোগ ভূগিবলগীয়া হৈছে ।

লগতে পঢ়ক:আজিৰ পৰা পুনৰ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.