ETV Bharat / state

ডিফুৰ খাদ্য বিষক্ৰিয়া ঘটনাকলৈ প্ৰতিক্ৰিয়া আছুৰ - খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু বৰণ কৰা কাংবুৰা বে'

ডিফুত খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু বৰণ কৰা কাংবুৰা বে'ক চৰকাৰৰ তৰফৰ পৰা ১ কোটি টকা ক্ষতি পূৰণৰ দাবী আছুৰ । লগতে খাদ্য় যোগান ধৰা ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ দাবী আছুৰ ।

ডিফুৰ খাদ্য বিষক্ৰিয়া ঘটনাকলৈ প্ৰতিক্ৰিয়া আছুৰ

author img

By

Published : Feb 5, 2021, 7:52 PM IST

ডিফু, ৫ ফেব্রুৱাৰী: যােৱা ২ফেব্রুৱাৰীত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান কার্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত হােৱা লােকসকলৰ মাজত বিতৰণ কৰা খাদ্য় ভক্ষণ কৰাৰ পিছতে জিলাখনৰ প্রায় দুই শতাধিক লােক বিষক্রিয়াত আক্রান্ত হােৱাৰ ঘটনাই সমগ্র ৰাজ্য়তে তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে বিষয়টো সন্দর্ভত বিৰূপ প্রতিক্রিয়া অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে জিলাখনৰ সদৰ চহৰ ডিফুস্থিত জিলা প্রেছ ক্লাৱত এক সংবাদমেলৰ আয়ােজন কৰি ঘটনা সন্দর্ভত প্রতিক্রিয়া ব্য়ক্ত কৰে সদৌ অসম ছাত্র সন্থাই ।

সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সদস্য চর্জুন হাঞ্চেই সংবাদমেল সম্বােধন কৰি অসমৰ মুখ্যমন্ত্রী, ৰাজ্যৰ স্বাস্থ্য়মন্ত্রী, কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা এখন সভাত সুদূৰ গুৱাহাটীৰ পৰা অনা খাদ্য গ্ৰহণ কৰি দুই শতাধিক লােক বিষক্রিয়াত আক্রান্ত হােৱা ঘটনাক গভীৰ আশ্চর্য প্রকাশ কৰে ৷ গুৱাহাটীৰ এম এছ ৰাছা নামৰ ৰেষ্টুৰেন্টখনৰ পৰা অনা আহাৰ গ্ৰহণ কৰাৰ পিছতে জিলাখনৰ দুই শতাধিক লােক বিষক্রিয়াত আক্রান্ত হােৱাৰ লগতে কাংবুৰা বে নামৰ এজন লােকজনৰ মৃত্যু হােৱা বুলি হাঞ্চেই মন্তব্য কৰে ।

উক্ত ঘটনাৰ প্রতিক্রিয়া প্রকাশ কৰি ছাত্রনেতা গৰাকীয়ে মৃত্যু হােৱা কাংবুৰা বে’ নামৰ লােকজনৰ পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা এক কোটি টকাৰ ক্ষতিপূৰণৰ দাবী জনায় । লগতে তেওঁৰ পৰিয়ালৰ লােকক চৰকাৰী চাকৰি প্রদান কৰাৰ দাবী জনায় । ইফালে খাদ্য যােগান ধৰা ৰাছা নামৰ ৰেষ্টোৰাখনৰ স্বত্বাধিকাৰী গৰাকীক শীঘ্রে গ্রেপ্তাৰ কৰি ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ চলােৱাৰ দাবী জনায় । এম এছ ৰাছাৰ ৰেষ্টুৰেণ্টখন শীঘ্রে চিল কৰাৰ বাবেও ছাত্রনেতা গৰাকীয়ে দাবী উত্থাপন কৰে ।

সমান্তৰালকৈ, ৰেষ্টুৰেণ্টখনে দুই তিনিদিন পূর্বেই খাদ্য প্রস্তুত কৰিছিল বুলি হাঞ্চেই সন্দেহ প্রকাশ কৰে । অহা এসপ্তাহৰ ভিতৰত সংগঠনটোৰ দাবীসমূহ পূৰণৰ ক্ষেত্রত চৰকাৰে কোনাে ব্যবস্থা হাতত নল'লে অনাগত সময়ত গণতান্ত্রিক প্রতিবাদী কার্যসূচীও হাতত লােৱা হ'ব বুলি সংগঠনটোৱে হুংকাৰ দিয়ে ।

লগতে পঢ়ক:নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.