কাৰ্বি আংলং, 22 জানুৱাৰীঃ কোনো সামগ্ৰীৰ নিৰ্দিষ্ট ভৌগোলিক অৱস্থিতি, গুনগত মানদণ্ড, নিৰ্দিষ্ট প্ৰস্তুত প্ৰণালী বা বিশেষত্বৰ ওপৰত ভিত্তি কৰি ভৌগোলিক স্বীকৃতি বা Geographical Indication প্ৰদান কৰা হয় ৷ যিটো সামগ্ৰী কেৱল সেই নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰতহে উপলব্ধ ৷ ভৌগোলিক স্বীকৃতিয়ে সেই বিশেষ উপাদান, নিৰ্দিষ্ট অঞ্চলটোতহে বাণিজ্যিকভাৱে উৎপাদন কৰাৰ অধিকাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰে ৷
এই ক্ষেত্ৰত ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ লগতে এক আগৰণুৱা স্থান দখল কৰিছে অসমেও ৷ বৰ্তমানলৈ অসমত উৎপাদিত মুঠ 9 বিধ সামগ্ৰীয়ে লাভ কৰিছে ভৌগোলিক স্বীকৃতি সেইসমূহৰ ভিতৰত অন্যতম হ'ল 'অসম কাৰ্বি আংলং আদা ৷' 2015 চনৰ 31 মাৰ্চত এই আদাই লাভ কৰে ভৌগোলিক স্বীকৃতি ৷
অসম কাৰ্বি আংলং আদা হৈছে অসমৰ কাৰ্বি আংলং জিলাত উৎপাদিত এক বিশেষ ঔষধি গুণসম্পন্ন মছলাজাতীয় শস্য ৷ যি কেইবাটাও প্ৰকাৰত বিভক্ত | যাৰ ভিতৰত নদীয়া আৰু ভোলা দুটি জনপ্ৰিয় প্ৰকাৰ ৷ এই আদাৰ বৈজ্ঞানিক নাম হৈছে Zingiber officinale Rosc.
আন্ত:ৰাষ্ট্ৰীয় বজাৰত অধিক গুৰুত্ব পাই অহা এই আদা কম আঁহযুক্ত আৰু উচ্চ উৎপাদনক্ষম কাৰ্বি আংলং জিলাৰ সিংহাসন, ৰাইডুং, উমলাফেৰ আদি পাহাৰত উপলব্ধ ৷ সহস্ৰাধিক খেতিয়ক এই আদা খেতিৰ লগত জড়িত ৷ বিশেষকৈ সিংহাসন পাহাৰৰ জলবায়ু আৰু মাটিক আদা উৎপাদনৰ বাবে অতি উপযুক্ত হিচাপে গণ্য কৰা হৈছে ৷
GIN-FED লিমিটেডৰ অধ্যক্ষ জ'নী তিমুঙে উল্লেখ কৰা অনুসৰি, কাৰ্বি আংলঙত বছৰি 25 ৰ পৰা 30 হাজাৰ টন আদাৰ উৎপাদন হয় ৷ এই আদাই দেশৰ ভিন্ন প্ৰান্তৰ লগতে জাৰ্মানীৰ বজাৰতো বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ এই আদাৰ উৎপাদন বৃদ্ধিৰ বাবে GEN-FED ৰ তৰফৰ পৰা খেৰণিত এটা 6.25 কোটি টকাৰে GEN-FED প্ৰচেছিং ইউনিট নিৰ্মাণৰ প্ৰকল্প লোৱাৰ লগতে ভিন্ন পদক্ষেপ গ্ৰহণৰ উদ্যোগ লৈছে ৷
উল্লেখ্য যে, কাৰ্বি আংলঙৰ আদা খেতিৰ বাবে শীতল আৰু বালিচহীয়া পাহাৰীয়া মাটিৰ প্ৰয়োজন, যাৰ বাবে সিংহাসন পাহাৰ এক উপযুক্ত স্থান ৷ এগৰাকী খেতিয়কে জানিবলৈ দিয়া মতে, এই আদা খেতিৰ আছে বিশেষ পদ্ধতি ৷ ফেব্ৰুৱাৰীৰ শেষ তথা মাৰ্চ মাহত ভিতৰত আদাৰ খেতি আৰম্ভ কৰা হয় ৷ এক দীঘলীয়া পদ্ধতিৰ মাজেৰে সম্পন্ন হয় এই বিশেষ আদাৰ খেতি ৷ প্ৰথমতে পাহাৰৰ জংঘল কাটি শুকুৱাই জ্বলাই দিয়া হয় ৷ তাৰ পিছত সেইবোৰ পৰিস্কাৰ কৰি আদা লগোৱা হয় ৷ দুই তিনিবাৰ পৰিস্কাৰ কৰাৰ অন্তত জুলাই আগষ্ট মাহত আদাত মাটি দিয়া হয় ৷
কিয়নো, মাটি নিদিলে সেই খেতিৰ পৰা উপযুক্ত ফল পোৱা নাযায় ৷ মাটি দিয়াৰ পিছতো অক্টোবৰ-নৱেম্বৰ মাহত শেষ বাৰৰ বাবে এবাৰ চাফা কৰা হয় য'ত প্ৰয়োজন হয় প্ৰচুৰ পৰিশ্ৰমৰ ৷ এই খেতি তেওঁলোকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সম্পাদন কৰে ৷
বিশ্বব্যাপী এক বিশেষ স্থান দখল কৰা এই আদাৰ খেতিত ন্যস্ত হৈ আছে সহস্ৰাধিক খেতিয়ক ৷ বহু পৰিশ্ৰমৰ অন্তত এই আদা সমূহ বাণিজ্যিকভাৱে পূৰ্ণাংগ হৈ উঠে ৷ কিন্তু একাংশ খেতিয়কৰ মতে, এই কষ্টৰ পৰিৱৰ্তে তেওঁলোকে নাপাই উচিত মূল্য ৷ আজি পৰ্যন্ত তেওঁলোকে পোৱা নাই চৰকাৰৰ কোনো সাহাৰ্য ৷