ডিফু, ২৮ এপ্ৰিল: বোকাজানত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বালিভৰ্তি ট্ৰাক আৰু তেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সৰিয়হজানত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷
উক্ত দুৰ্ঘটনাৰ ফলত টেংকাৰৰ চালকজন জীৱন্তে অগ্নিদগ্ধ হৈ ঘটনাস্থলীতে মৃত্যু মুখত পৰে ৷ জানিব পৰা মতে, ডিমাপুৰ দিশৰ পৰা আহিছিল তেল পৰিবাহী টেংকাৰখন ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পথটো মুকলি কৰাৰ লগতে চালকৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ অৱশ্যে টেংকাখনৰ চালকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক: ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড:জুইত জাহ লক্ষাধিক টকাৰ সা-সম্পত্তি