ETV Bharat / state

কাৰ্বি আংলঙত চতুৰ্থ বৰ্গৰ ২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান - Appointment Letter Distribution Ceremony

কাৰ্বি আংলং জিলাৰ ২৭ খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ২৭ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মাজত বিতৰণ কৰা হয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা নিযুক্তি পত্ৰ (Appointment Letter Distribution Ceremony) । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিতৰণ কৰা হয় নিযুক্তি পত্ৰ ।

4th grade appointment letter distributed
কাৰ্বি আংলঙত চতুৰ্থ বৰ্গৰ ২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান
author img

By

Published : Oct 7, 2022, 4:19 PM IST

ডিফু, ৭ অক্টোবৰ: ২০০৬ চনৰ পূৰ্বে স্থাপিত হোৱা অথচ পদ প্ৰাদশীকিকৰণৰ পৰা বঞ্চিত হৈ থকা কাৰ্বি আংলং জিলাৰ ২৭ খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ২৭ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মাজত শুকুৰবাৰে বিতৰণ কৰা হয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা নিযুক্তি পত্ৰ (Appointment Letter Distribution Ceremony) । ডিফুত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰসমূহ বিতৰণ কৰা হয় ।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুষ্ঠানটোত উপস্থিত থাকি বিতৰণ কৰে নিযুক্তি পত্ৰসমূহ । ইয়াৰ পাছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে একাংশ লোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰদানৰ কৰ্তৃত্ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰা‌ কৰ্তন কৰা বুলি অপপ্ৰচাৰ চলাই অহা বুলি মন্তব্য কৰে ।

কাৰ্বি আংলঙত চতুৰ্থ বৰ্গৰ ২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

আনহাতে, পশ্চিম কাৰ্বি আংলং জিলাত ছশ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি সংবাদ মাধ্যমক অৱগত কৰে । আজিৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত সাংসদ হৰেণছিং বেʼ, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিচʼ, বিধায়ক দৰছিং ৰংহাং, ৰূপছিং টেৰণ, পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Tejashwita Barua death issue : স্বাস্থ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিলে আপে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.