ডিফু,৮ মে'ঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত তৃতীয় পৰ্যায়ৰ লকডাউনৰ বাবে বান্ধি দিয়া নীতি-নিয়ম উলংঘনকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ডিফু আৰক্ষী ৷ এই নীতি-নিয়ম উলংঘনকাৰী সকলৰ বিৰুদ্ধে অভিযান চলাই ডিফু আৰক্ষীয়ে শুকুৰবাৰে পুৱাৰ ভাগত ৩৭ জনকৈ লোকক আটক কৰি ডিফু থানালৈ প্ৰেৰণ কৰে ৷
ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়া অনুসৰি, COVID-19ৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰি কেতবোৰ নীতি-নিয়ম নিৰ্দ্ধাৰণ কৰাৰ উপৰিও জিলাখনত ১৪৪ ধাৰা বলৱৎ কৰা হৈছে । কিন্তু তাৰ বিপৰীতে একাংশ অসচেতন লোকে লকডাউনৰ এই নীতি-নিয়ম পাহৰি মুকলিকৈ থু পেলোৱা, মাস্ক নিপিন্ধা, দুচকীয়া বাহনত দুজনকৈ উঠা আৰু হেলমেটবিহীন বাবে দুচকীয়া বাহন চলাই আহিছে ৷
যাৰ বাবে ডিফু আৰক্ষীয়ে ১নং পুলিছ পইণ্টত নিয়মীয়া তালাচী অভিযান চলাই লকডাউনৰ নীতি নিয়ম ভংগ কৰা ৩৭ জনকৈ লোকক আটক কৰি ডিফু থানালৈ প্ৰেৰণ কৰে ৷ আনহাতে, এই লোক সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 188/270/271 ,ডিফু থানাত101/2020 নম্বৰত এক গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়ে ৷