ডিফু, ১৪ নৱেম্বৰ : খটখটী থানাৰ অন্তর্গত লাহৰীজানৰ দুদু কলনীত সন্ধিয়াৰ ভাগত আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ তিনি যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ প্রাপ্ত তথ্য অনুসৰি, মঙলবাৰে এক গােপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত বােকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটী থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ নেতৃত্বত তথা দুদু কলনী গাঁওৰক্ষী বাহিনীৰ সহযােগত চলোৱা হয় এই অভিযান ৷
![3 youths arrested with weapons in diphu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as1003diphu14112021threepersonsapprehandedwitharmsatkhatkhati_14112021202657_1411f_1636901817_565.jpg)
খটখটী থানাৰ অন্তর্গত লাহৰীজানৰ দুদু কলনি চলোৱা হয় এই অভিযান ৷ উক্ত অভিযানত আৰক্ষীৰ দলটোৱে দুই জাঁই সজীৱ গুলী, এটা মেগজিনসহ এটা .22 পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দর্ভত আৰক্ষীয়ে তিনিজন যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ।
ধৃত যুৱককেইজন ক্রমে ডিমাপুৰ ছুপাৰ মার্কেটৰ আছকা চেমা (৩৮), গােলাঘাট জিলাৰ উৰিয়ামঘাটৰ লক্ষীনগৰ পার্ট টুব নিবাসী ইবুংগ সিংহা (২৭) আৰু ৰইচা সিংহা (২৯) বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷
লগতে পঢ়ক: Manipur ambush: সুমন স্বৰ্গীয়াৰীৰ পৰিয়াললৈ চৰকাৰী চাকৰি সহ 50 লাখ টকা সাহাৰ্য