ETV Bharat / state

Congress Joining Program: কাৰ্বি আংলঙৰ ৩ প্ৰাক্তন কাৰ্যবাহী সদস্য কংগ্ৰেছলৈ - Lok Sava Election 2024

কাৰ্বি আংলঙ বিজেপিৰ ভেটিত খহনীয়া । ১৯ নৱেম্বৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিব ৩ প্রাক্তন কার্যবাহী সদস্যই । ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই যোগদান কাৰ্যসূচীত তিনি প্ৰাক্তন কাৰ্যবাহী সদস্যই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰাৰ কথা উল্লেখ কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাঙে ।

3 Former executive members to join Congress in Diphu
কাৰ্বি আংলঙৰ ৩ প্ৰাক্তন কাৰ্যবাহী সদস্য কংগ্ৰেছলৈ ধাৱমান
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:21 PM IST

কাৰ্বি আংলঙৰ ৩ প্ৰাক্তন কাৰ্যবাহী সদস্য কংগ্ৰেছলৈ ধাৱমান

ডিফু,১৪ নৱেম্বৰ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ্বি আংলং জিলাত ৰাজনৈতিক দল সমূহৰ মাজত দলবাগৰা ৰাজনীতি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । বিজেপি দলে পৰিষদৰ ২৬ টা সমষ্টিত চৰকাৰী আঁচনিৰ জৰিয়তে সভা পাতি ব্যাপক প্ৰচাৰ অভিযান চলোৱাৰ বিপৰীতে কংগ্ৰেছ দলেও ৰাজনৈতিক কুচ-কাৱাজ আৰম্ভ কৰিছে । অহা ১৯ নৱেম্বৰত ডিফুত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাঙে ।

সংবাদমেলত চুম ৰংহাঙে কয় যে, কাৰ্বি আংলং জিলাৰ তিনিবাৰৰ বিধায়ক তথা প্রাক্তন কাৰ্যবাহী সদস্য জগতছিং ইংতি, পৰিষদ প্রাক্তন অধ্যক্ষ তথা প্রাক্তন কার্যবাহী সদস্য লংকি তিমুং, পৰিষদ প্রাক্তন কার্যবাহী সদস্য প্রদীপ ডিফুচাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিব বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা উপস্থিত থকাৰ লগতে আন নেতাসকলো উপস্থিত থাকিব । পৰিষদ তিনিটা সমষ্টিৰ পৰা যোগদান কৰিবলগীয়া এই বৃহৎ যোগদান সভাত আন বহু ৰাজনৈতিক দলৰ নেতাইয়ো যোগদান কৰাৰ সম্ভাৱনা প্রকাশ কৰে জিলা কংগ্ৰেছ সভাপতিগৰাকীয়ে ।

ইপিনে জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল এ পি এইচ এল চি দলে আগন্তুক লোকসভা নিৰ্বাচনত ডিফু লোকসভা সমষ্টিৰ পৰা বিৰোধী ইণ্ডিয়াৰ তৰফৰ পৰা প্রার্থিত্ব লাভ কৰিব বুলি কৰা দাবী সন্দৰ্ভতো প্রতিক্রিয়া প্রকাশ কৰে জিলা কংগ্ৰেছ সভাপতিগৰাকীয়ে । ৰংহাঙে কয় যে, এ পি এইচ এল চি দল এতিয়াও ইণ্ডিয়া ঐক্যজোঁটত অন্তর্ভূক্ত হোৱাই নাই । সেয়ে তেওঁলোকৰ এই দাবী সম্পূর্ণ অবাস্তব । এনে অপপ্রচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈও দলটোক সকিয়াই দিয়ে ৰংহাঙে ।

লগতে পঢ়ক: IDF Ex-Officer in Tezpur : ইজৰাইল সেনা বাহিনীৰ প্ৰাক্তন বিষয়াৰে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ, কি ক’লে যুদ্ধভূমি সন্দৰ্ভত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.