ETV Bharat / state

কাৰ্বি আংলঙত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

বিগত বহু বছৰ ধৰি কেন্দ্ৰীয় আঁচনিৰ জৰিয়তে বিশেষকৈ এআইবিপি আঁচনিৰ দ্বাৰা নিৰ্মিত কাৰ্বি আংলং জিলা জলসিঞ্চন বিভাগৰ প্ৰকল্পসমূহত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে জিলাখনৰ 23 টাকৈ সংগঠনে ৷ বুধবাৰে সংগঠন কেইটাৰ নেতা বিদ্যাছিং ৰংপিয়ে কয় যে, নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বুলি বিভাগটোৱে দিয়া ক্লীনশ্বীটৰ বিপৰীতে এতিয়াও বহুকেইটা প্ৰকল্পৰ কাম অসম্পূৰ্ণ হৈ আছে ৷

author img

By

Published : Feb 18, 2021, 7:46 AM IST

কাৰ্বি আংলং জিলা জলসিঞ্চন বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ডিফু,18 ফেব্ৰুৱাৰী: কাৰ্বি আংলং জিলা জলসিঞ্চন বিভাগৰ বিৰুদ্ধে বিগত বহু বছৰ ধৰি কেন্দ্ৰীয় আঁচনিৰ জৰিয়তে বিশেষকৈ এআইবিপি আঁচনিৰ দ্বাৰা নিৰ্মিত প্ৰকল্প সমূহত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই অভিযোগৰ তদন্ত সম্পূৰ্ণ কৰিলে যদিও এই অভিযোগ উত্থাপনে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ বুধবাৰে ডিফুৰ প্ৰেছ ক্লাবত 23 টাকৈ সংগঠন একত্ৰিত হৈ বিভাগটোৰ বিৰুদ্ধে 2011 চনৰ পৰা ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৷

সংগঠন কেইটাৰ নেতা বিদ্যাছিং ৰংপিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, কেন্দ্ৰীয় আঁচনিৰ অধীনত ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বুলি বিভাগটোৱে দিয়া ক্লীনশ্বীটৰ বিপৰীতে বহু কেইটা প্ৰকল্প এতিয়াও অসম্পূৰ্ণ হৈ আছে ৷ শ শ কোটি টকা ব্যয় কৰি নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি বিভাগটোৱে ইতিমধ্যে ঠিকাদাৰসকলক সমস্ত ধন আদায় দিছে ৷ ইয়াৰ পিছতো কিন্তু জিলাখনৰ খেতিয়কসকল এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা নাই ৷ বিভাগটোৰ জৰিয়তে মোটা অংকৰ দৰমহা লৈ থকা অভিযন্তাসকলে অসম্পূৰ্ণ আঁচনি সমূহ সম্পূৰ্ণ হোৱা বুলি কেনেকৈ প্ৰতিবেদন দাখিল কৰিলে, ইয়াৰ এক নিৰপেক্ষ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে ৷

উল্লেখ্য যে, জিলাখনৰ কৃষকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ সুফল যদি কৃষকসকলে লাভ নকৰে তেনেহ’লে এনে আঁচনি কাৰ বাবে বুলিও সংগঠন কেইটাই প্ৰশ্ন উত্থাপন কৰে ৷ এই অভিযোগসমূহৰ বিপৰীতে যদিহে শীঘ্ৰে উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত নহয়, তেন্তে সংগঠন কেইটাই অনাগত দিনত আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: হ্ৰাস পাইছে উৎপাদন: সংকটত পৰিছে ৰাজ্যৰ চাহ উদ্যোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.