ETV Bharat / state

Civic action program: খটখটীবাসীৰ বাবে ব’ৰ ৱেল, কালভাৰ্ট আৰু বাছ ষ্টেণ্ড স্থাপন চিআৰপিএফৰ - কামাণ্ডেণ্ট গোপাল যাদৱ

কাৰ্বি আংলং জিলাৰ খটখটীত ২০ বিএন চিআৰপিএফৰ জনকল্যাণমূলক আঁচনিয়ে ৰাইজৰ অভূতপূৰ্ব প্ৰশংসা লাভ কৰিবলৈ সক্ষং হৈছে ৷ ইয়াৰে অংশস্বৰূপে এটা পানীৰ টেংকীসহ বিশুদ্ধ খোৱা পানীৰ বাবে ব'ৰ ওৱেল, কালভাৰ্টৰ লগতে খটখটী চিআৰপিএফ কেম্পৰ ৩ নং গেটৰ সন্মুখত এটা বাছৰ জিৰণি চ'ৰা ৰাইজৰ বাবে মুকলি কৰা হয় (20 BN CRPF donated Bore well)৷

20 BN CRPF donated Bore well, culvert and bus stand at Khotkhoti
খটখটীবাসীৰ হকে ব’ৰ ৱেল, কালভাৰ্ট আৰু বাছ ষ্টেণ্ড স্থাপন চিআৰপিএফৰ
author img

By

Published : Mar 29, 2023, 10:40 PM IST

ডিফু, ২৯ মাৰ্চ: বিগত দিনকেইটাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পশ্চিম প্ৰান্তত জনসাধাৰণৰ নিৰাপত্তাৰ বাবে নিয়োজিত ২০ বিএন চিআৰপিএফে সাধাৰণ জনতাৰ সৈতে সৌহাদ্যমূলক আৰু বন্ধুত্ব সুলভ মনোভাৱ প্ৰদৰ্শনৰ বাবে বিভিন্ন স্থানত চিভিক একচন কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে (Civic action program at Khotkhoti) ৷ ইয়াৰে অংশস্বৰূপে বুধবাৰে বিয়লি ভাগত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ সমীপৰ বংৰুং গাঁৱত ২০০০ লিটাৰ ক্ষমতা সম্পন্ন এটা পানীৰ টেংকীসহ বিশুদ্ধ খোৱা পানীৰ বাবে ব'ৰ ওৱেল, কালভাৰ্টৰ লগতে খটখটী চিআৰপিএফ কেম্পৰ ৩ নং গেটৰ সন্মুখত এটা বাছৰ জিৰণি চ'ৰা ৰাইজৰ বাবে মুকলি কৰা হয় (20 BN CRPF donated Bore well)৷

এই ব'ৰ ওৱেলৰ উদ্ধোধন কৰে ইউনাইটেড ইন্টাৰনেশ্যনেল বংৰুং মিছনৰ সভাপতি খ্ৰীষ্টোফাৰ প্ৰিঞ্চ ফাৰ্ণাণ্ডেজে ৷ খটখটী চিআৰপিএফৰ ৩ নং গেটৰ ওচৰত মেৰামতি কৰা বাছৰ জিৰণি চ'ৰা উদ্ধোধন কৰে খটখটীৰ জি চি চিআৰপিএফৰ কামাণ্ডেণ্ট গোপাল যাদৱে (Civic action program CRPF) ৷

আনহাতে অতিকৈ ভিতৰুৱা বংৰুং গাঁৱৰ ৰাইজৰ সুবিধাৰ বাবে কালভাৰ্ট সদৃশ আৰচিচি দলঙৰ উদ্ধোধন কৰে ইউনাইটেড ইনটাৰনেছনেল মিচন অফ বংৰুঙৰ সভাপতি খ্ৰীষ্টোফাৰ প্ৰিঞ্চ ফাৰ্ণাণ্ডেজে ৷ এই উপলক্ষে আয়োজন কৰা তিনিটা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে 20 বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিং৷ আনহাতে উদ্ধোধন অনুষ্ঠান উপলক্ষে আয়োজন কৰা তিনিখন সভাত সভাপতিত্ব কৰে 20 বিএন চিআৰপিএফৰ দ্বিতীয় কামাণ্ডেণ্ট তিলক ৰাজে ৷

এই উদ্ধোধন সভাত স্থানীয় ৰাইজৰ লগতে স্থানীয় গাঁওবুঢ়া আৰু 20 বিএন চিআৰপিএফৰ জোৱানসকল উপস্থিত থাকে ৷ উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত খ্ৰীষ্টোফাৰ প্ৰিঞ্চ ফাৰ্ণাণ্ডেজ আৰু কামাণ্ডেণ্ট স্বৰ্ণ সিঙে উপস্থিত ৰাইজক উদ্দেশ্যি গুৰত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ৷ ২০ বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙে কয় যে, চিআৰপিএফে সদায় ৰাইজৰ বুনিয়াদী অভাৱ-অভিযোগৰ প্ৰতি সন্মান জনাই আহিছে ৷ জিলাখনৰ বিভিন্ন স্থানত চিভিক একছন কাৰ্যসূচীৰ অধীনত জিৰণি চৰা, বজাৰ অপেক্ষা চ'ৰা, টিউবৱেল, ছ'লাৰ লাইট, খোৱাপানীৰ ব্যৱস্থাৰ বাবে পানী টেংকি, স্বাস্থ্য শিৱিৰ আদিৰ ব্যৱস্থা কৰি আহিছে ৷

উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্থানীয় কিশোৰ আৰু কিশোৰীসকলে নৃত্য, গীতে সকলোকে আপ্লুত কৰে ৷ ২০ বিএন চিআৰপিএফৰ এনে জনকল্যাণমূলক কামৰ বাবে খটখটীবাসী ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: SMSS protest in Guwahati: ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰা আৰু SEBA ৰ সংস্কাৰ সাধনৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.